NORTHEAST NOW (Assamese)
দেশ

আই পি এলৰ বাজীত ১ কোটি টকা হেৰুৱালে অভিযন্তা স্বামীয়েঃ চিন্তিত পত্নীয়ে ল’লে চৰম সিদ্ধান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2024 7:30 pm
Man Loses ₹ 1 Crore In IPL Betting

বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলক কেন্দ্ৰ কৰি সম্প্ৰতি গঢ়ি উঠিছে বাজীৰ এখন বৃ্হৎ বজাৰ। ইণ্টাৰনেটত এই বজাৰখনত নামি পৰিছে বিশ্বজুৰি অসংখ্য লোক।

বহুসময়ত এই বাজীৰ জৰিয়তে কিছু লোকে বিপুল অৰ্থৰাশী জয় কৰিছে যদিও বহুলোক হৈ পৰিছে সৰ্বশ্ৰান্ত। বাজীৰ জৰিয়তে সহজে ধন লাভৰ আশাত বন্দী হৈ এজন ব্যক্তি সৰ্বশ্ৰান্ত হৈ পৰা আৰু তাৰ পিছৰ পৰিস্থিতিৰ এক ভয়াৱহ কাহিনীয়ে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনা কৰ্ণাটকৰ। পেচাত অভিযন্তা দৰ্শন বাবু নামৰ এজন ব্যক্তিয়ে একাংশ লোকৰ প্ৰৰোচনাত পৰি ক্ৰিকেট মেচত বাজি লগাই হেৰুৱালে এক কোটি টকা। এই অভাৱনীয় ক্ষতিয়ে কঢ়িয়াই অনা মানসিক হেঁচাত পৰি আত্মহত্যাৰ দৰে চৰম পন্থা অৱলম্বন কৰে তেওঁৰ পত্নীয়ে।

যোৱা ১৮ মাৰ্চত কৰ্ণাটকৰ চিত্ৰদুৰ্গাত নিজৰ ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ৰঞ্জিতা নামৰ মহিলাগৰাকী। পৰিয়ালৰ মতে দৰ্শনে বাজীত পৰাস্ত হৈ ১ কোটিৰো অধিক পৰিমাণৰ টকাৰ ঋণত ্ডুব গৈছিল।

হোছাদুৰ্গাৰ গৌণ জলসিঞ্চন বিভাগত সহকাৰী অভিযন্তা হিচাপে কাম কৰা দৰ্শনে ২০২১ চনৰ পৰা ২০২৩ চনলৈকে আই পি এলৰ এই বাজীৰ ক্ষেত্ৰখনত আবদ্ধ হৈ পৰিছিল। ইয়াৰ ফলত দম্পতীহালৰ সংসাৰৰ বিত্তীয় ক্ষেত্ৰত সংকটে গ্ৰাস কৰি উঠিছিল।

২০২০ চনত দৰ্শনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ৰঞ্জিতাই ২০২১ চনত দৰ্শন যে বাজীত নামি পৰিছে সেই বিষয়ে জানিব পাৰে বুলি দাবী কৰিছে তেওঁৰ পিতৃ ভেংকটেশে। দৰ্শনে ধাৰ লোৱা লোকসকলে অহৰহ হাৰাশাস্তি কৰা বাবে তেওঁৰ কন্যা অত্যন্ত দুখী হৈ পৰিছিল আৰু ইয়াৰ ফলত তেওঁ আত্মহত্যা কৰিছিল বুলি এজাহাৰত ভেংকটেশে দাবী কৰিছে।

তেওঁ লগতে এই ধন ধাৰে দিয়া ১৩ জন লোকৰ নামো উল্লেখ কৰিছে এজাহাৰত। তদুপৰি দৰ্শনে বাজীৰ ক্ষেত্ৰত সোমাবলৈ ইচ্ছুক নাছিল যদিও সন্দেহযুক্ত এই লোকসকলে তেওঁক ধনী হোৱাৰ সহজ উপায় হিচাপে দেখুৱাই প্ৰলোভিত কৰা বুলি দাবী কৰিছে ভেংকটেশে।