NORTHEAST NOW (Assamese)
দেশ

বিয়াৰ পিছত অবৈধ সম্পৰ্কত লিপ্ত পুত্ৰ আৰু পুত্ৰৰ পত্নীৰ : লোকচক্ষুৰ ভয়ত দুয়োকে হত্যা মাতৃৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 1, 2024 8:30 pm

চলিত বৰ্ষৰ জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ আগ্ৰা নিবাসী ২২ বছৰীয়া বিকাশ আৰু ১৮ বছৰীয়া দীক্ষাৰ বিবাহ হয়। কিন্তু বিয়াৰ পিছত দুয়োজনে পৰস্পৰৰ সন্মনি সাপেক্ষে আন পুৰুষ-মহিলাৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হয়।

কিন্তু এই কথাটো মাতৃয়ে গম পাইছিল আৰু দুয়োকে অবৈধ সম্পৰ্কত লিপ্ত নহব’লৈ সকীয়াই দিছিল। অৱশ্যে পুত্ৰ-বোৱাৰীয়ে তেওঁৰ কথা নুশুনি অবৈধ সম্পৰ্ক চলাই থাকিল।

অৱশেষত এই কথাত মাতৃগৰাকী ক্ষুব্ধ হৈ পৰে আৰু পুত্ৰবোৱাৰীক হত্যা কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, বিগত মঙলবাৰে নিশা এটা মন্দিৰত পূজাৰ কৰি উভতি অহাৰ সময়ত বিকাশ আৰু দীক্ষা দুয়োকে এজন চালকে গুলীয়াই হত্যা কৰে।

এই গোচৰৰ তদন্তকাৰী বিষয়া অনুজ শুভামে কয় যে গোচৰৰ তদন্তৰ সময়ত মৃতকৰ মাতৃ ললিতাক জেৰা কৰা হৈছিল। তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।

মৃতকৰ মাতৃৰ বক্তব্য অনুসৰি পুত্ৰ আৰু বোৱাৰীৰ এই অবৈধ যৌন সম্পৰ্ক দিনৰ পিছত দিন ঘৰতে চলি আছিল। দুজনে আন পুৰুষ-মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। বহুবাৰ ধৰা পৰিছিল। সকীয়াই দিয়া সত্বেও কথা নুশুনিলে। ইয়াৰ বাবেই তেওঁলোকক হত্যা কৰিলে মাতৃয়ে।