NORTHEAST NOW (Assamese)
Popular Stories

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2025 7:19 pm

মৰিগাঁও জিলাৰ লাহৰিঘাটৰ বৰালীমাৰীত অন্তিমটো নামাজ আদায় কৰিবলৈ ওলাই আহিল গাঁৱৰ ৰাইজ৷ কিন্তু নামাজৰ সময়তে হুকহুকাই কান্দিলে গাঁওবাসীয়ে। কাৰণ দীৰ্ঘদিন ধৰি তীব্র গতিত চলিছে ব্ৰহ্মপুত্ৰৰ খহনীয়া। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিছে, অনুৰোধ জনাইছে কিন্তু তাৰ পাছতো কোনো সুফল পোৱা নাই ৰাইজে।

প্ৰাপ্ত তথ্য অনুসৰি, মৰিগাঁও জিলাৰ গাঁৱখনত প্ৰায় ১৫০০ ঘৰ পৰিয়ালে বাস কৰে। কিন্তু তাৰে প্ৰায়সমূহ পৰিয়ালৰ বাসগৃহ ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ কবলত পৰিল। বৰ্তমান এটা মছজিদ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ অৱস্থাত সকলো ৰাইজ আহি মছজিদটোত নামাজ আদায় কৰে।

মছজিদটো নৈ বুকুত বিলীন হবলৈ বেছি সময় নাই৷ হয়টো আজি দিনটোৰ পাছত এই সকল ৰাইজে আৰু নামাজ আদায় কৰিব নোৱাৰিব এই মছজিদত৷ অৱশেষত মছজিদটোৰ বচাবলৈ সকলোৱে মিলি আল্লাৰ ওচৰত দোৱা কৰে।

এই গাঁৱত দুদিনৰ আগত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত হৈছিল যদিও কিন্তু কোনো সুফল নাপালে ৰাইজে। এতিয়া স্থানীয় ৰাইজৰ অন্তিমটো আশা জলসম্পদ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকা আৰু মন্ত্রী্জনক উক্ত গাঁও খনলৈ আহিবলৈ অনুৰোধ জনাইছে গাঁওবাসীয়ে।

কিন্তু এতিয়া মন্ত্রীগৰাকীয়ে এই গাঁওখন পৰিদৰ্শনৰ বাবে আহিবনে আৰু গৰাখহনীয়া ৰোধৰ ক্ষেত্রত ব্যবস্থা গ্রহণ কৰিব নে নকৰে সেয়া এক বৃহৎ প্ৰশ্নৰূপে ঠিয় দিছে।