NORTHEAST NOW (Assamese)

ছলমান-শ্বাহৰুখৰ পিছত এইবাৰ মিথুন : হত্যাৰ ভাবুকি পাকিস্তানীৰ

November 13, 2024 1:11 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বলিউডৰ তাৰকা ছলমান খান আৰু শ্বাহৰুখ খানৰ পিচতে এইবাৰ অভিনেতা তথা বিজেপি নেতা মিথুন চক্রৱর্তীক হত্যাৰ ভাবুকি দিছে পাকিস্তানী গেংষ্টাৰে।

সামাজিক মাধ্যমযোগে দিছে পাকিস্তানী গেংষ্টাৰে হত্যাৰ ভাবুকি দিছে অভিনেতাগৰাকীক।

পাকিস্তানী গেংষ্টাৰ শ্বাহজাদ ভাট্টিয়ে এটা ভিডিঅ’ বার্তাযোগে মিথুন চক্রবতীয়ে মুছলমানবিৰোধী মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

যদি ১০-১৫ দিনৰ ভিতৰত ক্ষমা নোখোজে তেন্তে অভিনেতাগৰাকী ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি পাক সকীয়াই দিছে গেংষ্টাৰে।

এই ভাবুকি পোৱাৰ পিচতে বিজেপি নেতাগৰাকীক ৱাই প্লাছ নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Related News