NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বকাপ জয়ৰ বাবে টীম ইণ্ডিয়াই লাভ কৰিলে ১২৫ কোটি টকা : কোন খেলুৱৈয়ে কিমান টকা লাভ কৰিব?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 8, 2024 5:13 pm

দীৰ্ঘদিন পিছত ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল ভাৰতীয় ক্ৰিকেট দলে। ২০০৭ চনৰ পিছৰে পৰা বিশ্বকাপ চুবলৈ পোৱা নাছিল ভাৰতে। অৱশ্যে এইবাৰ ৰোহিত শৰ্মাৰ নেতৃত্বত টি২০ বিশ্বকাপৰ খিতাপ লাভ কৰিলে টীম ইণ্ডিয়াই।

টীম ইণ্ডিয়াৰ এই সাফল্যৰ বাবে ভাৰতীয় ক্ৰিকেট বৰ্ডে টীম ইণ্ডিয়াক ১২৫ কোটি টকাৰে পুৰস্কিত কৰিছে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই ধনৰ পৰা কোন খেলুৱৈয়ে কিমান ধন লাভ কৰিব?

জানিব পৰা মতে, দলৰ মুঠ ৪২ জন খেলুৱৈৰ মাজত ভাগ কৰা হ’ব এই ধন। সকলোৰে মনত প্ৰশ্ন আছিল কোনে কিমান কোটি পাব।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি ৰোহিত শৰ্মা, বিৰাট কোহলীকে ধৰি ভাৰতীয় দলৰ বিশ্বকাপ দলৰ ১৫ গৰাকী খেলুৱৈয়ে লাভ কৰিব ৫ কোটিকৈ টকা। আনকি সঞ্জু চেমচন, যুজবেন্দ্ৰ চাহাল আৰু ইয়াছৱী জয়ছৱালেও এখনো মেচ নেখেলাকৈয়ে এই ধন লাভ কৰিব।

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগতে বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু বলিং প্ৰশিক্ষক পৰস মাম্ব্ৰে ২.৫ কোটি টকাকৈ লাভ কৰিব।

দলটোৰ ৩ গৰাকী ফিজিঅ’থেৰাপিষ্ট কমলেশ জৈন, যোগেশ পাৰমাৰ, তুলসী ৰাম যুৱৰাজ, ৩ গৰাকী থ্ৰ’ডাউন স্পেচিয়েলিষ্ট ৰাঘবেন্দ্ৰ, নুআন উডনেকে, দয়ানন্দ গৰাণী, দুগৰাকী মাষ্টাৰ ৰাজীৱ কুমাৰ, অৰুণ কানাডে আৰু শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক সোহাম দেশাইয়ে ২ কোটি টকাকৈ লাভ কৰিব।

বিশ্বকাপৰ বাবে ভাৰতীয় ৰিজাৰ্ভ দলত থকা ১৫ জন সদস্য ৰিংকু সিং, খলিল আহমেদ, শুবমান গিল আৰু আবেশ খানেও ১ কোটি টকাকৈ লাভ কৰিব।

অজিত আগৰকাৰৰ উপৰিও বাছনি সমিতিৰ ৫ জন সদস্যক ১ কোটি টকাকৈ দিয়া হ’ব। বাকী ধন দলটোৰ সৈতে বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে আমেৰিকালৈ যোৱা সদস্যসকলৰ মাজত ভাগ কৰা হ’ব।