NORTHEAST NOW (Assamese)
Popular Stories

টেণ্ডুলকাৰ, ইউচুফ, বদ্ৰীনাথৰ পাছত এইবাৰ ইৰফান পাঠানৰো ক’ভিড পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2021 1:07 pm
টেণ্ডুলকাৰ, ইউচুফ, বদ্ৰীনাথৰ পাছত এইবাৰ ইৰফান পাঠানৰো ক’ভিড পজিটিভ

টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা ইৰফান পাঠানৰো ক’ভিড পজিটিভ ধৰা পৰিছে।

কভিড পজিটিভ ক্ৰিকেটাৰৰ তালিকাত শচীন টেণ্ডুলকাৰ, ইউচুফ পাঠান আৰু এছ বদ্ৰীনাথৰ পাছতে এইবাৰ ইৰফান পাঠানো সোমাই পৰিল।

তদুপৰি শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ৰায়পুৰত অনুষ্ঠিত হৈ যোৱা ৰ’ড চেফটী ৱৰ্ল্ড চিৰিজত ইণ্ডিয়া লিজেণ্ডৰ হৈ এই আটাইকেইজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

সোমবাৰে সামাজিক মাধ্যমযোগে ইৰফান পাঠানে কভিড পজিটিভ হোৱাৰ কথা জনায়।

বৰ্তমান তেওঁ হোম কোৱাৰেণ্টাইনত আছে।

তদুপৰি তেওঁৰ সংস্পৰ্শত অহা সকলো লোককে ক’ভিড টেষ্ট কৰিবলৈও তেওঁ অনুৰোধ জনায়।

উল্লেখযোগ্য যে ইৰফানৰ ককায়েক ইউচুফ পাঠানৰো ক’ভিড পজিটিভ পোৱা গৈছিল।