NORTHEAST NOW (Assamese)
অসম

‘নৰ্থ ইষ্ট নাও’ৰ বাতৰিৰ প্ৰভাৱ: দুৰ্ভগীয়া দুই কণমানিক সহায় কৰিবলৈ আগবাঢ়ি আহিল এইসকল সুহৃদ

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা June 4, 2021 12:45 pm
Kaliabor minor girls

কলিয়াবৰৰ দুই দুৰ্ভগীয়া কণমানিয়ে হাত যোৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছিল সহায়ৰ হাত।

অতি কম বয়সতে ঘাত মাউৰা হোৱা কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ দুই কণমানি লিপিকা দাস আৰু জ্যোতিৰেখা দাসে হাতযোৰ কৰি ‘হিমন্ত মামা’ক সহায় বিচাৰি উচুপি উঠাৰ বাতৰি “নৰ্থ ইষ্ট নাও”ত প্ৰকাশ তথা প্ৰচাৰ হৈছিল।

“নৰ্থ ইষ্ট নাও”ৰ বাতৰি প্ৰত্যক্ষ কৰি এতিয়া কণমানি দুজনীক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে কলিয়াবৰৰ কেইবাজনো সমাজ কৰ্মীৰ লগতে দল-সংগঠন।

কণমানি দুজনীক সহায়ৰ হাত আগবঢ়াবৰ বাবে আজি উপস্থিত হয়হি কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ বিষয়ববীয়াসকল ।

তেওঁলোকে কণমানি দুজনীৰ সম্পূৰ্ণ পঢ়া শুনাৰ দায়িত্ব লোৱাৰ লগতে আগবঢ়ায় পাঠ্যপুথি, খাদ্য-সামগ্ৰী আৰু সামান্য ধন।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ দলটোৱে কণমানি দুজনীৰ সম্পূৰ্ণ পঢ়া শুনাৰ দায়িত্ব লৈয়ে প্ৰশংসা কৰে “নৰ্থ ইষ্ট নাও”ক।

“নৰ্থ ইষ্ট নাও”ৰ বাতৰিৰ জৰিয়তে ঘাত মাউৰা কণমানি দুজনীয়ে আজি ভৱিষ্যত গঢ়াৰ এক সুযোগ পাবলৈ সক্ষম হয়।

“নৰ্থ ইষ্ট নাও”ত এই বাতৰি প্ৰচাৰ হোৱাত কলিয়াবৰৰ ৰাইজে এতিয়া “নৰ্থ ইষ্ট নাও”ক ধন্যবাদ জ্ঞাপন কৰিছে।