NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পিছুৱালে প্ৰথম ষান্মাসিকৰ পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 20, 2021 7:13 am
gauhati-university

সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো ক’ভিড-১৯ ৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী সকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰথম ষান্মাষিক পৰীক্ষা স্থগিত ৰখাৰ দাবী তুলিছিল।

অৱশেষত সোমবাৰে স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত হোৱা আলোচনাৰ পাছত স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা ৩০ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে।

ইয়াৰ পূৰ্বে এই পৰীক্ষা ১৯ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত সেও মানিয়েই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা ১০ দিনলৈ পিছুৱাবলৈ বাধ্য হয়।

অহা ৩০ এপ্ৰিলৰ পৰা স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ তাত্বিক(Theory) পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব আৰু ইয়াৰ বাবে বিশ্ববিদ্যালয় কৰ্তপক্ষই সোনকালেই নতুন সূচী প্ৰকাশ কৰিব।

যোৱা কেইবাদিন ধৰি বিশ্ববিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা পিছুৱাবলৈ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছিল।

আনকি সোমবাৰেও ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত ধৰ্ণাত বহিছিল।