NORTHEAST NOW (Assamese)

১১০০ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিলে Swiggyয়ে

May 18, 2020 3:58 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ সংহাৰে বিশ্বৰ অৰ্থনীতিত বেয়াকৈ প্ৰভাৱ পৰাৰ লগতে ইতিমধ্যে লাখ লাখ যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন হেৰুৱাইছে।

মহামাৰী ভাইৰাছবিধৰ বাবে কাম-কাজ স্থবিৰ হৈ পৰাত কোম্পানি সমূহে কিছু সংখ্যক শ্ৰমিকক চাকৰিৰ পৰা উলিয়াই দিয়াৰ লগতে কিছু সংখ্যকৰ দৰমহা কৰ্তন কৰিছে।

এই সংকটৰ সময়তে অনলাইন খাদ্য ডেলিভাৰি প্ৰদানকাৰী সংস্থা ছুইগিয়ে নিজৰ ১১ শতাংশ অৰ্থাৎ ১১০০ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়ে।

লকডাউনে ব্যৱসায়ত বেয়াকৈ প্ৰভাৱ পেলোৱাৰ বাবেই ছুইগিয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

এন ডি টিভিত প্ৰকাশিত বাতৰি মতে, সোমবাৰে কম্পেনিয়ে নিজৰ কৰ্মচাৰীক মেইলৰ জৰিয়তে লিখিছে, ‍‘ছুইগিৰ বাবে আজি বহুত দুখৰ দিন কাৰণ আজি আমি এটা দুৰ্ভাগ্যপূৰ্ণ সিদ্ধান্ত ল’ব লগীয়া হৈছে’।

কম্পেনিৰ ফালৰ পৰা জনোৱা অনুসৰি চাকৰি হেৰুৱাবলগীয়া কৰ্মচাৰী সকলক অহা তিনি মাহৰ দৰমহা অতিৰিক্তভাৱে প্ৰদান কৰিব।

উল্লেখ্য যে, কিছু দিন পূৰ্বে অনলাইন ফুড ডেলিভাৰি সংস্থা Zomato আৰু অনলাইন কেব চাৰ্ভিচ প্ৰদানকাৰী সংস্থা উবেৰে নিজৰ ১৪ শতাংশ অৰ্থাৎ ৩৭০০ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়ে।

Related News