NORTHEAST NOW (Assamese)
অসম

আজি পুনৰ পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি; অভিকেন্দ্ৰও সেই একেই শোণিতপুৰৰ পশ্চিমত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2021 10:38 am
earthquake-1580261390-750x375-750x375

সোমবাৰে ৰাতিপুৱা ৯-৫০ বজাত অসমত পুনৰ ৰিখটাৰ স্কেলত ৩.৮ মেগনিটিউডৰ এটা ভূমিকম্পই জোকাৰি যায়।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিয়ে এইকথা নিশ্চিত কৰিছে।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিৰ পৰা জানিব পৰা মতে ভূমিকম্পটোৰ গভীৰতা আছিল ভূগৰ্ভৰ ২৪কিলোমিটাৰ গভীৰত।

ভূমিকম্পটোৰ উৎপত্তিস্থল মধ্য অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা ৪৪ কিলোমিটাৰ পশ্চিম দিশে আছিল।

উল্লেখ্য যে দেওবাৰেও বিয়লি ২.২৩ বজাত এক মজলীয়া ভূমিকম্পই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল জোকাৰি গৈছিল।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিয়ে দেওবাৰৰ ভূমিকম্পটো ৰিখটাৰ স্কেলত ৪.১ মেগনিটিউডৰ আছিল বুলি জানিবলৈ দিছিল।

ভূমিকম্পটোৰ উৎপত্তিস্থল মধ্য অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ ঢেকীয়াজুলিৰ পৰা ৮.৯ কিলোমিটাৰ পশ্চিম দিশে আছিল।

ভূমিকম্পটোৰ গভীৰতা আছিল ভূগৰ্ভৰ ১৬ কিলোমিটাৰ গভীৰত।

ভূমিকম্পটোৰ ফলত কোনো ক্ষয়ক্ষতিৰ বিষয়ে বাতৰি পোৱা হোৱা নাছিল।

জানিব পৰা মতে, দেওবাৰে গুৱাহাটীৰ উপৰি নগাওঁ, ওদালগুৰি, দৰং, কলিয়াবৰ, মৰিগাঁৱৰ লগতে ভূটানতো ভূমিকম্পটোৰ জোকাৰণি অনুভূত হৈছিল।