NORTHEAST NOW (Assamese)
অসম

বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ’ল পৰিভ্ৰমী পক্ষীৰ বিচৰণভূমি কাজিৰঙাৰ অগৰাতলি বনাঞ্চল

Posted by: উত্তম শইকীয়া, বোকাখাত Updated by: উত্তম শইকীয়া, বোকাখাত October 30, 2021 6:39 am
IMG_20211029_150509

বিশ্বৰ পৰ্যটকৰ বাবে শুকুৰবাৰে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চল ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ পূব বনাঞ্চল হিচাবে পৰিচিত অগৰাতলিত শুকুৰবাৰে পুৱা আয়োজিত এক বিশেষ অনুষ্ঠানত উদ্যানৰ প্ৰৱেশ দ্বাৰৰ ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বোকাখাতৰ মহকুমাধিপতি ডা: নেহা যাদৱে ৷

অগৰাতলিৰ প্ৰৱেশ দ্বাৰত আয়েজিত এই অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ, ডি এফ অ’ৰমেশ কুমাৰ গগৈ, বন সংৰক্ষক বৈভৱ মাথুৰ, উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা, প্ৰদীপ কুমাৰ বৰ্মা, সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী।

অনুষ্ঠানত লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক দীপজ্যোতি নাথ,বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰা, অগৰাতলি জীপ চাফাৰী সন্থাৰ সভাপতি অনিমেষ শইকীয়াৰ লগতে জীপ চাফাৰীৰ সদস্য,  বনকৰ্মী,স্থানীয় লোক আৰু ভালে সংখ্যক পৰ্যটক উপস্থিত থাকে ৷

ডি এফ অ’ৰমেশ কুমাৰ গগৈয়ে উপস্থিত সকলোকে অগৰাতলি বনাঞ্চললৈ আদৰণি জনোৱাৰ লগতে সঞ্চালক পি শিৱকুমাৰে বিশ্বৰ পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙা কৰ্তৃপক্ষই হাতত লোৱা বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে অৱগত কৰে ৷

নিজৰ ভাষণ প্ৰসংগত জীপ চাফাৰী সন্থাৰ সভাপতি অনিমেষ শইকীয়া কাজিৰঙাৰ বাকী বনাঞ্চল সমুহৰ লগত একে সময়তে অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰিবৰ বাবে উদ্যান কৰ্তৃপক্ষক অনুৰোধ জনায় ৷

পৰ্যটকৰ বাবে দ্বাৰ মুকলি হোৱাৰ পিছতেই ভালে সংখ্যক পৰ্যটকৰ লগতে আমেৰিকাৰ দুগৰাকী প্ৰৱাসী ভাৰতীয়ও অগৰাতলি বনাঞ্চল দৰ্শন কৰে ৷

পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত অগৰাতলি বনাঞ্চলত পৰ্যটকৰ বাবে কেৱল জীপ চাফাৰীৰহে ব্যৱস্থা আছে ৷ বাৰিষাৰ পিচত পথ নিৰ্মাণ সম্পুৰ্ণ নোহোৱাৰ বাবে অগৰাতলিৰ ৰঙামতীয়া বনশিৱিৰলৈকেহে সম্প্ৰতি পৰ্যটক যাব পৰা হৈছে ৷