NORTHEAST NOW (Assamese)
Popular Stories

স্বাভাৱিক অৱস্থালৈ উভতিছে বাংলাদেশ! ২৪ ফেব্ৰুৱাৰীৰ পৰা পুনৰ চলিব আগৰতলা-কলকাতা ‘মৈত্ৰী বাছ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2026 7:14 pm

বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ বাবে কেইবামাহো ধৰি বন্ধ হৈ থকা ঢাকা হৈ চলিবলগীয়া আগৰতলা–কলকাতা বাছ সেৱা অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ‘ব। শনিবাৰে ত্ৰিপুৰা পথ পৰিবহণ নিগমৰ এগৰাকী বিষয়াই এই কথা জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পতন আৰু তাৰ পৰৱৰ্তী সময়ত এখন অন্তৱৰ্তীকালীন চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছত দেশখনত অস্থিৰতাৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত দুয়োখন দেশৰ মাজৰ যাতায়াত আৰু দ্বিপাক্ষিক আদান-প্ৰদান বাৰুকৈয়ে প্ৰভাৱিত হৈছিল আৰু সীমান্তৱৰ্তী ‘মৈত্ৰী বাছ’ সেৱা সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হৈছিল।

ত্ৰিপুৰা পথ পৰিবহণ নিগমৰ উপ-সভাপতি সমৰ ৰয়ে জনায় যে প্ৰয়োজনীয় প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ পাছত এই সেৱা পুনৰ আৰম্ভ কৰা হ‘ব। তেওঁ কয়, “দীৰ্ঘদিনীয়া বিৰতিৰ পাছত ঢাকা হৈ আগৰতলা–কলকাতা মৈত্ৰী বাছ সেৱা পুনৰ আৰম্ভ হ’বলৈ গৈ আছে। শনিবাৰে ইয়াৰ এক পৰীক্ষামূলক যাত্ৰা সম্পন্ন কৰা হয়। সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা পৰীক্ষা কৰা হৈছে।” তেওঁ লগতে ২৪ ফেব্ৰুৱাৰীৰ পৰা এই সেৱা সুচাৰুৰূপে চলিব বুলি দৃঢ়তা প্ৰকাশ কৰে।

নিগমৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, আগৰতলাৰ পৰা ঢাকালৈ এই বাছখন সপ্তাহত তিনিদিন মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰে চলিব। আনহাতে, কলকাতাৰ পৰা আগৰতলালৈ সোমবাৰ, বুধবাৰ আৰু শনিবাৰে উভতনি যাত্ৰা কৰিব।

এই সেৱা পুনৰ আৰম্ভ হোৱাৰ ফলত দুয়োখন দেশৰ যাত্ৰীসকল, বিশেষকৈ চিকিৎসা, শিক্ষা আৰু পাৰিবাৰিক কাৰণত ভ্ৰমণ কৰা লোকসকল যথেষ্ট উপকৃত হ’ব বুলি আশা কৰা হৈছে। বাংলাদেশৰ মাজেৰে যোৱা আগৰতলা-কলকাতা বাছ সেৱা উত্তৰ-পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ মাধ্যম। ই দেশৰ আভ্যন্তৰীণ পথৰ তুলনাত যাত্ৰাৰ সময় আৰু দূৰত্ব যথেষ্ট হ্ৰাস কৰে। সেৱা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষাৰ সকলো কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি বিষয়াসকলে জনায়।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহায়ো বাছ সেৱা পুনৰ আৰম্ভ কৰা পদক্ষেপক আদৰণি জনাইছে। পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে উপযুক্ত সময়ত সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। “কোনো কথাই স্থবিৰ নহয়, সময় আৰু পৰিস্থিতি সলনি হয়। মানুহ অন্ধকাৰৰ পৰা পোহৰলৈ আগবাঢ়ে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। বাংলাদেশত নতুন চৰকাৰে ক্ষমতা গ্ৰহণ কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ পৰিস্থিতিৰ অধিক উন্নতি হ’ব বুলি আশা প্ৰকাশ কৰে। ভাৰত আৰু বাংলাদেশ দুয়োখন দেশে একেলগে আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰাৰ লগতে স্থগিত হৈ থকা আন উন্নয়নমূলক প্ৰকল্পসমূহো সোনকালেই সকলোৰে বাবে কাৰ্যক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।