NORTHEAST NOW (Assamese)

ভাৰতৰ মহাকাশ গৱেষণাত নৱতম সংযোজন! ব্যক্তিগত সংস্থাৰ উদ্যোগত 3D প্ৰিণ্টেড ৰকেটৰ সফল উৎক্ষেপণ

May 30, 2024 7:08 pm · এন ই নাও নিউজ, গুৱাহাটী

নতুন ষ্টাৰ্টআপ কোম্পানী ‘অগ্নিকুল কচমছ’ই দেশত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। সংস্থাটোৱে নিজাকৈ মহাকাশযান সফলতাৰে উৎক্ষেপণ কৰিছে। আৰু এই সফল পৰীক্ষাৰ পাছত তেওঁলোকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীৰ মতে আজি সমগ্ৰ ভাৰতবৰ্ষই গৌৰৱ অনুভৱ কৰিছে।

চেন্নাইস্থিত এই ষ্টাৰ্টআপে নিৰ্মাণ কৰিছে থ্ৰীডি প্ৰিণ্টেড ছেমি-ক্ৰাইজেনিক ‘অগ্নিবান’ ৰকেট। শ্ৰীহৰিকোটাৰ লঞ্চ পেডৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয়। বৃহস্পতিবাৰে কোনো ধৰণৰ লাইভ ষ্ট্ৰীমিং নোহোৱাকৈয়ে এই পৰীক্ষামূলক মুকলি কৰা হয়।

এই সাফল্যৰ বাবে ইছৰোৱে ‘অগ্নিকুল কচমছ’ক অভিনন্দন জনায়। তেওঁলোকে কয় যে ‘এয়া এক বৃহৎ মাইলৰ খুঁটি। ছেমি-ক্ৰাইজেনিক লিকুইড ইঞ্জিন ভিত্তিক ৰকেটৰ প্ৰথম নিয়ন্ত্ৰিত উৰণ দেশৰ বাবে এক ডাঙৰ কথা।’

এই ‘অগ্নিবান’ ৰকেটৰ বিশেষত্ব কি?
এই ৰকেটে প্ৰায় ৭০০ কিলোমিটাৰ কক্ষপথত ৩০০ কিলোগ্ৰাম পৰ্যন্ত পেলোড কঢ়িয়াব পাৰে। লগতে এই ৰকেটত এনে এটা ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে যিটো ব্যৱস্থা এতিয়ালৈকে ইছৰো’ই ব্যৱহাৰ কৰা নাই। অৰ্থাৎ এই ৰকেটত তৰল আৰু গেছ প্ৰপেলেণ্টৰ মিশ্ৰণেৰে অৰ্ধ-ক্ৰাইজেনিক ইঞ্জিন ব্যৱহাৰ কৰা হয়। এই থ্ৰীডি ৰকেট ইঞ্জিনৰ খৰচো কম।

Related News