NORTHEAST NOW (Assamese)
দেশ

দৰমহাত অসন্তুষ্ট! গাড়ী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ অগ্নিবীৰ জোৱান

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 28, 2024 3:24 pm

বুধবাৰে গাড়ী চুৰিৰ অভিযোগত আৰক্ষীৰ জালত পৰে এগৰাকী অগ্নিবীৰ জোৱান।  গাড়ী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অগ্নিবীৰ জোৱানজনৰ নাম ইছমিৎ সিং ওৰফে ইছু।

বুধবাৰে মোহলী আৰক্ষীয়ে ইছমিৎ আৰু তেওঁৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰে।

ইছমিৎ সিং, ভাতৃ প্ৰভুপ্ৰীত সিং অৰ্গে প্ৰভ আৰু বালকাৰণ সিঙক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, সকলোৰে গ্ৰেপ্তাৰ হোৱা সকলোৰে বয়স ১৯ৰ পৰা ২২ বছৰৰ ভিতৰত।

আৰক্ষীৰ সূত্ৰ অনুসৰি কিছুদিন এটা অনলাইন এপটৰ জৰিয়তে গাড়ী বুকিং কৰিছিল চক্ৰটোৱে। গাড়ীখন আহি পৱাৰ পিছত  চক্ৰটোৱে গাড়ীৰ চালকক বন্দুক দেখুওৱাৰ লগতে চালকৰ মুখত জলকীয়া গুড়ি নিক্ষেপ কৰি গাড়ীখন লৈ পলায়ন কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ বিৰুদ্ধে গাড়ী চুৰিৰ অভিযোগ উত্থাপন হৈছিল।

মোহলীৰ এছ এছ পি সন্দীপ কুমাৰ গাৰ্গে জনোৱা মতে মাহিলী লাভ কৰা দৰমহাৰে ঘৰ চলাব পৰা নাছিল অগ্নিবীৰ জোৱানগৰাকী। নিজৰ ভৱিষ্যতক লৈও সংকটত ভুগি আছিল।

২০২২ চনত ইছমিত সিঙে অগ্নিবীৰ হিচাপে নিযুক্তি লাভ কৰিছিল। দুমাহৰ ছুটীত ঘৰলি আহি চাকৰিত পুনৰ যোগ দিয়াৰ সলনি চুৰি কাৰ্যত লিপ্ত হৈছিল ইছমিৎ সিং।