NORTHEAST NOW (Assamese)
অসম

বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী অসম গণ পৰিষদৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী September 27, 2020 4:18 pm

ৰাজ্যপালৰ শাসনৰ লগতে মহামাৰী ক’ৰ’নাৰ বাবে বিটিচি অঞ্চলত উন্নয়ন স্থবিৰ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অতি শীঘ্ৰে পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে অসম গণ পৰিষদ দলে।

আজি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ নেতৃত্বই যুটীয়াভাৱে এখন সংবাদমেলৰ আয়োজন কৰি এই দাবী উত্থাপন কৰে।

সংবাদমেলত চিৰাং অগপৰ সম্পাদক কৰণ দাস আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা বিটিএডিৰ সমন্বয়ক ৰহেন ৰয়ে অতি শীঘ্ৰে বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু মুখ্য মন্ত্ৰীক দাবী জনায়।

তেওঁলোকে বিটিচিত ৰাজ্যপাল শাসন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা অঞ্চলটোৰ উন্নয়ন স্তব্ধ হৈ পৰা বুলি উল্লেখ কৰে।

“ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি যেনে অৰুণোদয় আদি বিটিচিত লাগু হোৱা নাই সেয়ে এই আঁচনি সমূহৰ সুবিধাৰ পৰা বহু লোক বঞ্চিত হৈছে। সেয়ে এই লোক সকলৰ কথা চিন্তা কৰি ৰাজ্যিক নিৰ্বাচন আয়োগক অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনালো”, এইদৰে কয় ৰহেন ৰয়ে।

আজিৰ এই সংবাদমেলত কোকৰাঝাৰ জিলা অগপৰ সভাপতি জাকিৰ হুছেইন, চিৰাং জিলাৰ সম্পাদক কৰণ দাস, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কৰ্ণ মোহন ৰয় পবিত্ৰ কুমাৰ ৰয়ৰ লগতে আন বহু নেতা-কৰ্মী উপস্থিত থাকে।