NORTHEAST NOW (Assamese)
অসম

অগপ-কংগ্ৰেছ ‘নচলা’ নোট, জালুকবাৰীত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হিমন্ত বিশ্বৰ

Posted by: মৃদুল প্ৰীতম ডেকা November 25, 2018 8:36 pm
himanta biswa sarma

পঞ্চায়ত নিৰ্বাচনক সন্মুখত ৰাখি দেওবাৰে গুৱাহাটীত আয়োজন কৰা সংবাদমেলৰ পিছতে বিৰোধী কংগ্ৰেছ আৰু মিত্ৰ অগপক ‘নচলা’ নোটৰূপে তীব্ৰ আক্ৰমণেৰে নিজ সমষ্টি জালুকবাৰীত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

“অগপ আৰু কংগ্ৰেছ দল নচলা নোট। পুৰণি ৫শ এহেজাৰ টকীয়া নোট যিদৰে অচল হ’ল অগপ-কংগ্ৰেছ সেইদৰে এতিয়া নচলা দল,” পদুম ফুলৰ ছবিত ভোট দিয়াৰ আহ্বান জনাই দুয়োটা দলক এই আক্ৰমণ শৰ্মাৰ।

২৫০ টকীয়া বৃদ্ধ পেঞ্চন, অটল অমৃত যোজনা, শুৱালকুছি-পলাশবাৰীৰ মাজৰ দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে সমষ্টিবাসীৰ ভোট ভিক্ষা কৰিছে মন্ত্ৰীজনে।

লগতে পঢ়ক– অসম গণ পৰিষদৰ নেতৃত্বই অসম চুক্তিৰে ১ কোটি অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিছিল : হিমন্ত

সমষ্টিটোৰ শিঙিমাৰী, ৰৌমাৰী, আলিকাষ আৰু পাকৰকোণাত ৪টা নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধন কৰি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

দেওবাৰৰ সংবাদমেলত মিত্ৰ অগপক অন্যতম আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বিজেপি মন্ত্ৰীজনে।