NORTHEAST NOW (Assamese)
অসম

অগপৰ সঁজাতী দলৰ মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ

Posted by: এন ই নাও নিউজ January 26, 2019 7:24 am
AGP-leaders-meet-Conrad-Sangma-at-Tura-on-January-25-Friday.-750x375

২৫ জানুৱাৰি শুকুৰবাৰে অগপৰ এটা সঁজাতী দলে দলীয় নেতা অতুল বৰাৰ নেতৃত্বত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাক চাংমাৰ তুৰাস্থিত বাসভাৱনত সাক্ষাৎ কৰে আৰু বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়কখনৰ ওপৰত এটা আলোচনাত মিলিত হয়।। মুখ্য মন্ত্ৰীগৰাকীৰ বাসভৱনত হোৱা আলোচনাত বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে সৰ্বসন্মতভাৱে এটা যুটীয়া ৰণনীতি প্ৰস্তুত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উক্ত আলোচনাত বিধেয়কখনে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দাসকলৰ বাবে কঢ়িয়াই আনিব পৰা সংকটৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়। উল্লেখ্য যে, যিসময়ত অগপই বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে, একেই সময়তেই নেশ্যনেল পীপলছ পাৰ্টীৰ চৰকাৰত বিজেপিত বিজেপিৰ অংশীদাৰিত্ব আছে।

নাগৰিকত্ব বিধেয়কখনৰ সন্দৰ্ভত অগপই গ্ৰহণ কৰা কঠোৰ স্থিতিৰ ভূয়সী প্ৰশংসা কৰে মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল একত্ৰিত হোৱা উচিৎ।

অতুল বৰাই কৈছে, ‘‘এই বিধেয়কখনে অসমৰ খিলঞ্জীয়া বাসিন্দাসকলৰ চিনাকিকেই সংকটত পেলাই নেৰে, ই ঐতিহাসিক অসম চুক্তিকো উলংঘা কৰিব। তাৰ পাছত তেওঁ আৰু কয় যে এই বিধেয়কখন আইন হ’লে এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়াটোও বাধাগ্ৰস্ত হৈ পৰিব।

আনহাতে, এনপিপিৰ নেতা তথা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই শেহতীয়াভাৱে গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নাগৰিকত্ব বিধেয়কখনৰ বিপক্ষে প্ৰতিবাদ জনাইছিল। মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নাগৰিকত্ব (সংশোধনী) বিধেয়কখনৰ বিপক্ষে এটা প্ৰস্তাৱো গ্ৰহণ কৰিছে।