NORTHEAST NOW (Assamese)

অতুল বৰাৰ অগপই পতা কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত আদালতৰ স্থগিতাদেশ

August 27, 2020 9:58 am · এন ই নাও নিউজ
অগপৰ কাৰ্যনিৰ্বাহক সভা। ফাইল ফটো

পুনৰ এবাৰ বিতর্কৰ আৱর্তত সোমাই পৰিছে অসম গণ পৰিষদ দল৷ দলটোৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ সত্র ন্যায়াধীশে স্থগিতাদেশ জাৰি কৰিছে৷

আদালতৰ নির্দেশটোত অহা ১৯ নৱেম্বৰপর্যন্ত অধিৱেশন সম্পর্কীয় কোনো সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্রত বাধা আৰোপ কৰা হৈছে।

উল্লেখযোগ্য যে অগপৰ মহানগৰ জিলা সমিতিৰ গিৰীন তালুকদাৰ, জিতেন ডেকা আৰু হেমেন দাসে সংবিধান অৱমাননা কৰি অগপই অধিৱেশন অনুষ্ঠিত কৰাৰ বিৰুদ্ধে প্রত্যাহবান জনাই আদালতৰ দ্বাৰস্থ হৈছে৷

ইফালে আদালতৰ স্থগিতাদেশ সন্দৰ্ভত বিধায়ক সত্যব্ৰত কলিতাই কয় যে সংবিধানৰ নীতি-নিয়ম মানি অধিৱেশন অনুষ্ঠিত হ’ব৷

তেওঁ লগতে কয় যে নতুন সংবিধানৰ ধাৰা যিসকলে নাজানে তেওঁলোকে আদালতক বিপথে পৰিচালিত কৰিছে৷ যদি ভুল তথ্যৰে আদালতক বিপথে পৰিচালিত কৰিছে তেন্তে আদালতে বিচাৰ কৰিব।

উল্লেখ্য যে আদালতৰ দ্বাৰস্থ হোৱা জিতেন ডেকা, গিৰীণ তালুকদাৰ, হেমেন লহকৰ নেতৃত্বাধীন গুৱাহাটী মহানগৰ সমিতিখনে নাগৰিকত্ব সংশোধনী আইনখন মুকলিকৈ বিৰুদ্ধাচৰণ কৰা বাবে নিশাৰ ভিতৰতে সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰিছিল।

ইফালে জানিব পৰা মতে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা দুবাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অভিযোগ কৰা মতে দলে সংবিধান উলংঘন কৰি অধিৱেশন পাতিছে।

Related News