NORTHEAST NOW (Assamese)
অসম

অগপ এতিয়া অকলশৰীয়া, এই দলৰ কাম নাই : লাঙটিঙৰ প্ৰচাৰ সভাত ডাঃ নোমল মমিন

Posted by: পংকজকুমাৰ দেব Updated by: পংকজকুমাৰ দেব January 16, 2019 8:27 am
Bjp public meeting

অহা ১৯ জানুৱাৰিত অনুষ্ঠিত হ’বলগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে তীব্ৰ প্ৰচাৰ অভিযানেৰে ভোটাৰক আকৰ্ষণ কৰাত ব্যস্ত। সেই উদ্দেশ্য আগত ৰাখিয়েই বিজেপিয়েও ব্যস্ত হৈ পৰিছে জোৰদাৰ প্ৰচাৰ অভিযানত।

১৩ জানুৱাৰিত লাঙটিঙৰ বাঙালি অধ্যুষিত কালি বাড়ি এলেকাত বিজেপি প্ৰাৰ্থী গলঞ্জয় থাউচেনৰ সমৰ্থনত এখন সভা অনুষ্ঠিত হয়। সভাত বিজেপিৰ মুখপাত্ৰ তথা ডিমা হাচাওৰ প্ৰভাৰী ৰামকৃষ্ণ ঘোষে অগপক তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হয়।

তেওঁ কয় যে লাঙটিঙত অগপ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন চি ই এম দেবজিত থাউচেনে। আনহাতে তেওঁৰ বিৰুদ্ধে বিজেপিৰ শক্তিশালী প্ৰাৰ্থী হিচাপে আছে যুৱনেতা গলঞ্জয় থাউচেন। য’ত গলঞ্জয়ৰ জয় নিশ্চিত। কাৰণ দেবজিত থাউচেন যোৱা দহটা বছৰত লাঙটিঙৰ উন্নয়নত একো কাম কৰা নাই। সেয়ে দেবজিতক ৰাইজে প্ৰত্যাখ্যান কৰাটো খাটাং।

আনহাতে ঘোষে বাঙালি সম্প্ৰদায়ৰ লোকৰ উদ্দেশ্যি প্ৰলোভিত মন্তব্য কৰাও পৰিলক্ষিত হয়। তেওঁ কয় যে অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰবল বিৰোধিতা কৰি আছে। অকল বিৰোধিতাই নহয় বিজেপিৰ সৈতে মিত্ৰতাও ভংগ কৰিছে। সেয়ে অগপ প্ৰাৰ্থী দেবজিতক ভোট দি জয়ী কৰালে অনাগত দিনত বাঙালি সকলে বিভিন্ন সমস্যাৰ সম্মুখীন হ’ব লাগিব। সেয়ে এইক্ষেত্ৰত আপোনালোকে সঠিক সিদ্ধান্ত ল’ব।

ইপিনে বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ডাঃ নোমল মমিনে কয় যে ডিমা হাচাওত ‘হাত আৰু হাতী’ৰ কাম নাই। এতিয়া পাৰ্বত্য জিলাৰ চাৰিওফালে পদুম ফুলিব। এনেই বিজেপিৰ সৈতে অগপৰ ডিভ’ৰ্ছ হৈছে। ফলত অগপ এতিয়া অকলশৰীয়া দল। ইয়াত এই দলৰ কাম নাই।

‘অগপৰ দেবজিত স্থানীয় নহয়। হাফলঙৰ। কংগ্ৰেছ প্ৰাৰ্থী মাইবাঙৰ। ফলত লাঙটিঙৰ স্থানীয় গলঞ্জয়ৰ জয়ে এলেকাৰ উন্নয়ন নিশ্চিত কৰিব’। এইদৰে কয় বিধায়ক কিশোৰ নাথে। তেওঁ যোৱা দুই বছৰত পাৰ্বত্য জিলাৰ উন্নয়নৰ তথ্য দাঙি ধৰি কয় যে এয়া বিজেপি দলৰ চৰকাৰ থকাৰ কাৰণে সম্ভৱ হৈছে। কাৰণ আগতে হাফলঙৰ পৰা গুৱাহাটী যাওঁতে বাৰ ঘন্টা সময়ৰ প্ৰয়োজন হৈছিল। এতিয়া পাঁচ ঘন্টাও নালাগে। ঘৰে ঘৰে বিদ্যুত বিজেপি দলৰ চৰকাৰে দিছে।

বিজেপিৰ উক্ত প্ৰচাৰ সভাত প্ৰদেশ বিজেপিৰ মুখপাত্ৰ তথা বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন, বৰখলাৰ বিধায়ক কিশোৰ নাথ, ডিমা হাচাও বিজেপিৰ প্ৰভাৰী ৰামকৃষ্ণ ঘোষৰ উপৰি উপস্থিত থাকে প্ৰাক্তন বিধায়ক তথা এ আই ডা চিৰ অধ্যক্ষ মিছনৰঞ্জন দাস, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বাঙালি প্ৰতিনিধি অজয় চক্ৰবৰ্ত্তী, লাঙটিঙৰ বিজেপি প্ৰাৰ্থী গলঞ্জয় থাউচেন আৰু লাঙটিঙৰ প্ৰাক্তন এম এ চি ভদ্ৰমণি লাঙঠাচা।