NORTHEAST NOW (Assamese)
অসম

বৰপেটাত অগপৰ জাতীয় ঐক্য সমাৰোহ; উন্নয়নৰ কথা পাহৰি কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ সমালোচনাত গদগদ অতুল বৰা

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস January 5, 2021 3:29 pm

বৰপেটা চহৰত আজি অসম গণ পৰিষদ দলে জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰে।

এই সমাৰোহৰ জৰিয়তে অসম গণ পৰিষদ দলে বৰপেটা জিলাত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আনুষ্ঠানিক আৰম্ভণি কৰে।

বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত ৰাজ্যৰ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক চোকা সমালোচনা কৰে।

ৰে’লৰ ব্ৰেকৰ আবিস্কাৰক গুৰুপ্ৰসাদ দাস বৰপেটাৰ সন্তান বুলি উল্লেখ কৰি এই বৰপেটাৰ পৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক ৰাইজে ব্ৰেক মাৰিব বুলি মন্তব্য কৰে অতুল বৰাই।

বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত সমাৰোহত মন্ত্ৰী অতুল বৰাই উন্নয়নৰ কথা কোৱাৰ পৰিবৰ্তে আনক সমালোচনাত ব্যস্ত থকাহে পৰিলক্ষিত হয়।

সভাত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অগপৰ লক্ষ্যৰ ওপৰত বক্তব্য আগবঢ়ায়। বিশাল সভাখনত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক ভূপেন ৰয়, নুৰুল হুছেইন, অগপ নেত্ৰী কল্পনা পাটোৱাৰীৰ লগতে কেইবা গৰাকী নেতাই ভাষণ প্ৰদান কৰে।