NORTHEAST NOW (Assamese)
অসম

অপৰাধ আৰু ৰাজনীতি : পঞ্চায়তত চোৰাং গঁড় চিকাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অগপই

Posted by: এন ই নাও নিউজ November 16, 2018 12:19 pm
IMG-20181115-WA0098

ৰাজ্যৰ ৰাজনীতিত বিভিন্ন অপৰাধত অভিযুক্ত অপৰাধীৰ পয়োভৰ এতিয়া কোনো ডাঙৰ কথা নহয়। তাকেই যেন পুনৰ প্ৰমাণ কৰিলে বোকাখাতত আঞ্চলিক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা এজন প্ৰাৰ্থীয়ে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বোকাখাতৰ ধনশিৰি মুখ গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে কাজিৰঙাৰ এজন কুখ্যাত, দুৰ্ধৰ্ষ চোৰাং গঁড় চিকাৰী। গণেশ দলে নামৰ এই চোৰাং চিকাৰীজনক কিয় অসম গণ পৰিষদ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তাকে লৈ এতিয়া বোকাখাতৰ লগতে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা।

উল্লেখ্য যে বৰ্তমান জামিনত থকা গণেশ দলে নামৰ লোকজন গঁড় চিকাৰৰ অভিযোগত ইতিমধ্যে ২০১২ৰ পৰা বহুবাৰ ৰঙাঘৰৰ আলহী হৈছে। এইদৰে এজন দাগী অপৰাধীক প্ৰাৰ্থিত্ব প্ৰদান কৰাক কেন্দ্ৰ কৰি স্থানীয় লোকৰ লগতে আৰক্ষীৰ মাজতো বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

4640dd62-f4c2-41ef-b74c-949653a46fb6
ধনশিৰি মুখ গাঁও পঞ্চায়তৰ সভাপতি পদৰ অগপ প্রার্থী কুখাত চোৰাং চিকাৰী গণেশ দলে

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অগপৰ বহু সমৰ্থকৰ সৈতে গণেশ দলেয়ে বোকাখাত মহুকুমা কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। এজন চোৰাং চিকাৰী তথা অপৰাধী হিচাপে পৰিচিত গণেশ দলেক মনোনয়ন পত্ৰ দাখিল কৰা দেখি তাত উপস্থিত থকা অন্য লোকসকলৰ লগতে বিষয়াসকলো আচৰিত হৈ উঠে।

ইফালে এজন অপৰাধীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে থিয় হোৱাৰ কথা গম পাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সংবাদ মাধ্যমলৈ কেতবোৰ ফটো প্ৰেৰণ কৰে। আৰু ইয়াৰ পাছৰে পৰা এই বিষয়টোৱে ৰাজজুৰি ব্যাপক চৰ্চা লাভ কৰা দেখা যায়।

উল্লেখযোগ্য যে ৰাজ্যৰ ৰাজনীতিত প্ৰধান আঞ্চলিক দলৰ ধ্বজা বাহক হৈ অহা অসম গণ পৰিষদ দলৰ খোদ সভাপতিগৰাকীৰ গৃহ সমষ্টি বোকাখাতত এইদৰে এজন কুখ্যাত দাগী অপৰাধীক কিয় নিৰ্বাচন খেলিবলৈ টিকট প্ৰদান কৰা হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আনহাতে এনে কাৰ্যক লৈ বিভিন্ন জনে সভাপতিগৰাকীৰ লগতে দলটোক ক্ষুৰধাৰ সমালোচনা কৰে।