NORTHEAST NOW (Assamese)

কেশৱ মহন্তৰ ‘স্থানীয় মিত্ৰতা’ৰ সূত্ৰক মানি নলয় তৃণমূল পৰ্যায়ৰ অগপৰ নেতা-কৰ্মীয়ে

November 10, 2018 9:39 am · এন ই নাও নিউজ
Updated: November 10, 2018 11:02 am
ফাইল ফটো

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপই কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতো দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ কৌশলগত মন্তব্যই এতিয়া বিপাঙত পেলাইছে দলটোৰ তৃণমূল পৰ্যায়ত। কেশৱ মহন্তই মিত্ৰতা প্ৰসংগটো জিলা বা সমষ্টিসমূহলৈ ঠেলি দিয়াক লৈ মুঠেও সন্তুষ্ট নহয় তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী।

ৰাজ্যৰ অধিকাংশ জিলা সমিতিয়ে বিজেপিৰে মিত্ৰতা কৰাৰ পৰিৱৰ্তে অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ঠিক সেইদৰে শুকুৰবাৰে বৰপেটা জিলা অগপৰ কাৰ্যনিৰ্বাহকে কোনো দলৰে মিত্ৰতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ঠিক সেইদৰে নলবাৰী জিলা অগপয়ো গ্ৰহণ কৰে অনুৰূপ সিদ্ধান্ত।

উল্লেখ্য যে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে যে পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ পৰা মিত্ৰতা কৰা সন্দৰ্ভত এই সকলোবোৰ সিদ্ধান্ত জিলা তথা সমষ্টি সমূহে ল’ব। কিন্তু কেশৱ মহন্তৰ এই মন্তব্যৰ পিছতো ৰাজ্যৰ কোনো এখন অগপ সমিতিয়ে বিজেপিৰ সৈতে মিত্ৰতা কৰা পৰিলক্ষিত হোৱা নাই।

কেশৱ মহন্তৰ এনে স্থিতিৰ বিপৰীতে দলটোৰ একাংশ জ্যেষ্ঠ নেতা-কৰ্মীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলটোৱে অকলে অৱতীৰ্ণ হোৱাটো বিচাৰিছে। এই ক্ষেত্ৰত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে দলটোক সাংগঠনিক দিশত শক্তিশালী কৰাৰ সময় আহি পৰিছে। সেয়ে পঞ্চায়ত নিৰ্বাচনত কাৰো গাত ভেজা নিদিয়াকৈ অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব লাগে।

আনহাতে অনুৰূপ মন্তব্য আগবঢ়াইছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পবিন্দ্ৰ ডেকাই। বিধায়ক ডেকাই প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তৰ সুৰতে সুৰ মিলাই কয় যে কংগ্ৰেছ আৰু বিজেপিৰ সৈতে কোনো পধ্যে মিত্ৰতা নহয়। কংগ্ৰেছ-বিজেপিৰ বিপৰীতে জাতীয় সংগঠন আৰু শক্তিসমূহৰ সৈতে ঠাই বিশেষে মিত্ৰতা কৰিলেহে আমি লাভান্বিত হ’ম।

মন কৰিবলগীয়া যে মিত্ৰতাক কেন্দ্ৰ কৰি এতিয়া দোধোৰ-মোধোৰত পৰিছে অগপ। কিয়নো দলটোৰ দুই এজন নেতাই ক্ষমতাৰ স্বাৰ্থতে হওঁক বা অন্য কিবা কাৰণেই হওঁক মনে মনে মিত্ৰতাৰ আশা পুহি ৰাখিছিল যদিও তৃণমূল পৰ্যায়ৰ সিদ্ধান্তই সেই মুস্তিমেয় নেতা কেইজনক এতিয়া আশাহত কৰিলে।

উল্লেখ্য যে প্ৰতিখন জিলা আৰু সমষ্টি সমিতি সমূহে কোনো কাৰণতেই বিজেপিৰে মিত্ৰতা কৰা নহ’ব বুলি স্পষ্ট ৰূপত মন্তব্য কৰে।

Related News