NORTHEAST NOW (Assamese)
অসম

বিধেয়ক বাতিলৰ দাবীত চামগুৰিৰ আকাশ বতাহ কঁপাই অগপৰ জোৰ সমদল

Posted by: বিদ্যুৎ জ্যোতি বৰা January 19, 2019 7:36 am
Chamaguri AGP torch light.photo

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতাৰে শুকুৰবাৰে নগাঁও জিলাৰ চামগুৰিত অগপই আকাশ বতাহ কঁপাই এক জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে ৷

সন্ধিয়া প্ৰায় ৬-৩০ মান বজাত অসম গণ পৰিষদ, চামগুৰি সমষ্টিৰ উদ্যোগত শতাধিক ৰাইজে চামগুৰিৰ কুৰুৱাবাহী তিনিআলিৰ সন্মুখৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে চামগুৰি আৰক্ষী থানা পাৰহৈ এএছইবি তিনিআলিলৈকে এক বৃহৎ “জোৰ সমদল” কাৰ্যসূচী ৰূপায়ন কৰে ৷

জাতীয় নায়ক হায় হায়, নাগৰিক সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে অগপ কৰ্মীসকলে চামগুৰি উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে অসম গণ পৰিষদ দলে শুকুৰবাৰে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীৰে জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে। অসমত বিজেপিৰে মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰাৰ পাছৰে পৰা আঞ্চলিক দলটোৱে এতিয়া মুকলিভাৱে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত নামি পৰিছে।

আনহাতে, বিজেপিৰে মিত্ৰতা ভংগৰ বিষয়টোৱে জনসাধাৰণৰ মাজত এতিয়াও সন্দেহৰ নিৰসন কৰিব পৰা নাই যদিও অগপই বিধেয়কখনৰ বিৰোধিতাৰে ৰাইজৰ আস্থা ঘুৰাই অনাৰ প্ৰয়াস কৰা দেখা গৈছে।