NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2025 6:57 pm

এক ভয়ংকৰ প্ৰতাৰণাৰ শিকাৰ হোৱাৰ পিছত হাৰ্ট এটেকত প্ৰাণ হেৰুৱাই আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই। মহিলাগৰাকীৰ পৰা প্ৰায় ৬.৬০ লাখ টকা অজ্ঞাত প্রতাৰকসকলে লুটি নিয়ে।

ঘটনাক্ৰম অনুসৰি হায়দৰাবাদৰ মহিলাগৰাকীয়ে এটা অচিনাকি নম্বৰৰ পৰা ফোন পাইছিল। নিজকে বেংগালুৰু আৰক্ষীৰ এজন আৰক্ষী বুলি পৰিচয় দি মহিলাগৰাকীৰ বিৰুদ্ধে মানব সৰবৰাহৰ অভিযোগত “ডিজিটেলভাৱে গ্ৰেপ্তাৰ” কৰা হৈছে বুলি জনায়। তাৰ পিছতে আধাৰ কাৰ্ড আদি ব্যক্তিগত তথ্যসমূহ দেখুৱাই হেঁচা প্ৰয়োগ কৰিছিল।

পিছত ভিডিঅ’ কলৰ জৰিয়তে মহিলাগৰাকীক “জেলত ৰখা” বুলি নাটক ৰচনা কৰে। ইয়াতকৈও ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে যেতিয়া প্ৰতাৰকে উচ্চ ন্যায়ালয়, কৰ্ণাটক আৰক্ষী, ইডি আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক আদি সংস্থাৰ নাম দি ভয় দেখুৱাইছিল।

আতংকিত মহিলাগৰাকীৰ পেঞ্চন একাউণ্টৰ পৰা প্ৰায় ৬.৬ লাখ টকা ট্ৰেন্সফাৰ কৰা হয়। ইয়াৰ পিছতে তেওঁ গভীৰ মানসিক চাপত পৰে আৰু হাৰ্ট এটেকত মৃত্যু হয়।

তদন্তকাৰীয়ে জনোৱা মতে, মহিলাগৰাকীৰ মৃত্যুৰ পিছতো ফোনটো কাম কৰি আছিল আৰু ভুৱা নাটক অব্যাহত আছিল। বৰ্তমানে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে এই ঘটনাৰ সম্পূৰ্ণ তদন্ত আৰম্ভ কৰিছে বুলি সদৰী কৰিছে।