NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ট্ৰেক্টৰ চলাই কঠিয়া সিঁচিলে কৃষিমন্ত্ৰী অতুল বৰাই 

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 27, 2021 3:34 pm
dog

বানাক্ৰান্ত কৃষকৰ সহায় হোৱাকৈ সময়ত কঠিয়া যোগান দিবৰ বাবে আজি বোকাখাতৰ পানবাৰী নিগমৰ মাটিত কঠিয়া সিঁচে কৃষি মন্ত্ৰী অতুল বৰাই ৷

নিজেই ট্ৰেক্টৰ চলাই হালবায় কঠিয়া সিঁচে মন্ত্ৰী গৰাকীয়ে ৷

দুৰ্যোগ প্ৰশমন বিভাগ আৰু বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত বোকাখাতৰ পানবাৰী কৃষি পাম নিগমৰ ১৫০ বিঘা মাটিত আজি কঠিয়া সিঁচাৰ কাৰ্যসূচী আয়োজিত কৰে ৷

অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই বন্তি প্ৰজ্বলন কৰি ফিটা কাটি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ উপৰিও নিজে ট্ৰেক্টৰ চলাই কঠিয়া সিঁচি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

কৃষি বিভাগৰ দ্বাৰা আয়োজিত এই কঠিয়া বানাক্ৰান্ত কৃষকৰ মাজত সময়ত বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব বুলি মন্ত্ৰী অতুল বৰাই জনায় ৷

অসম চৰকাৰৰ কমিউনিটি নাৰ্চাৰী আঁচনিৰ অধীনত বোকাখাত সমষ্টিৰ পানবাৰী, ৰৌদুৱাৰ পথাৰ আৰু মহকুমাধিপতিৰ কাৰ্যালয় চৌহদক সামৰি মুঠ ৪০ হেক্টৰ মাটিত ৰঞ্জিত চাব ৱান আৰু বাহুদুৰ চাব ৱান প্ৰজাতিৰ কঠিয়া সিঁচা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷