NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰী আহিব : যুদ্ধকালীন তৎপৰতাৰে পথৰ গাঁত পোতাত লাগিছে গড়কাপ্তানী বিভাগ

October 22, 2018 10:17 pm · পুলেন্দ্ৰ দাস
Updated: October 22, 2018 10:46 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাইলৈৰ বৰপেটাৰ পাটবাউসী সত্ৰ ভ্ৰমণক লৈ তৎপৰ হৈ পৰিছে ৰাইজৰ কৰ-কাতলেৰে নিৰ্মিত ৰাজ্যৰ বাট-পথৰ মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰা গড়কাপ্তানী বিভাগ।

উল্লেখযোগ্য যে পাটবাউসী চকৰ পৰা পাটবাউসী সত্ৰলৈ যোৱা পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাত জহি-খহি গৈছিল। পথছোৱা মেৰামতি কৰাৰ বাবে স্থানীয় ৰাইজে প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো আবেদন নিবেদন কৰিছিল যদিও ৰাইজৰ আবেদনৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। যাৰ ফলত অঞ্চলটোৰ ৰাইজে নানান অসুবিধাৰ সন্মুখীন হৈ আহিছিল।

কিন্তু ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা গড়কাপ্তানী বিভাগে আজি যুদ্ধকালীন প্ৰস্তুতিৰে এই পথছোৱা মেৰামতি কৰাত নামি পৰে। কেৱল মুখ্য মন্ত্ৰীৰ ভ্ৰমণৰ সময়তহে সাৰ পোৱা গড়কাপ্তানী বিভাগৰ এনে কাৰ্যই অঞ্চলটোৰ লোকসকলৰ মাজত এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে।

Related News