NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ জিলাক পুৰাতত্ত্ব উদ্যান হিচাপে গঢ়ি তোলাৰ দাবীত আহোম সেনাৰ ধৰ্ণা

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ November 8, 2021 3:05 pm
Ahom sena protest

আহোম যুগৰ বহু ঐতিহাসিক সমলেৰে ভৰপূৰ শিৱসাগৰ জিলা। বিভিন্ন সময়ত শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চিটি হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰি আহিছে বিভিন্ন দল সংগঠনে।

কিন্তু এইক্ষেত্ৰত আজি পৰ্যন্ত কোনো গুৰুত্ব আৰোপ কৰা নাই কেন্দ্ৰীয় চৰকাৰে।

ইয়াৰ বাবেই আজি শিৱসাগৰ জিলাক পুৰাতত্ত্ব উদ্যান হিচাপে গঢ়ি তোলাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আহোম সেনাই।

শিৱসাগৰ পুখুৰী পাৰত থকা কেন্দ্ৰীয় পুৰাতত্ত্ব সৰ্বেক্ষণ কাৰ্যালয়ৰ সন্মুখত আহোম সেনাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে হাতে হাতে প্লে কাৰ্ড লৈ শিৱসাগৰ জিলাক পুৰাতত্ব উদ্যান হিচাপে ঘোষণা কৰক, ঐতিহাসিক সম্পদৰ সঠিক সংৰক্ষণ কৰক আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।