NORTHEAST NOW (Assamese)
Popular Stories

AHSEC HS Resiult 2024: কলা শাখাত শীৰ্ষত বাক্সা, বিজ্ঞানত শীৰ্ষত তামুলপুৰ আৰু বাণিজ্যত শীৰ্ষত শিৱসাগৰ জিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2024 9:50 am
AHSEC HS Resiult 2024: কলা শাখাত শীৰ্ষত বাক্সা, বিজ্ঞানত শীৰ্ষত তামুলপুৰ আৰু বাণিজ্যত শীৰ্ষত শিৱসাগৰ জিলা

আজি (৯ মে) ঘোষণা কৰা হৈছে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পূৰ্বৰ সকলো অভিলেখ এইবাৰ ভংগ কৰিছে উত্তীৰ্ণ হাৰে। অৱশ্যে এইবাৰ ফলাফলত কোনো স্থানপ্ৰাপ্ত তালিকা প্ৰকাশ কৰা নাই সংসদে।

এইবাৰৰ ফলাফল অনুসৰি, কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪০,৪৯৯ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬৫,৫৩২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৭২,৭৭৫ গৰাকী শিক্ষাৰ্থী।

সেইদৰে, বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৩,৫৫২ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৭,৩৩৯গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৮,০৬২ গৰাকী শিক্ষাৰ্থী।

আনহাতে, বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৫,৯১৫ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬,০৮৭ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১৯৪ গৰাকী শিক্ষাৰ্থী।

ফলাফল অনুসৰি জিলা ভিত্তিত কলা শাখাত বাক্সা, বিজ্ঞান শাখাত তামুলপুৰ আৰু বাণিজ্যা শাখাত শিৱসাগৰ জিলাই শীৰ্ষস্থান দখল কৰিছে।

এইবাৰৰ ফলাফলত উত্তীৰ্ণৰ হাৰত কলা শাখাত শীৰ্ষস্থানত জিলিকিছে বাক্সা জিলা। বাক্সা জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৪৪ শতাংশ। কলা শাখাত উত্তীৰ্ণৰ দ্বিতীয় স্থানত আছে নলবাৰী জিলা। নলবাৰী জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.০৩ শতাংশ। কলা শাখাত উত্তীৰ্ণৰ হাৰত তৃতীয় স্থানত আছে দৰং জিলা। দৰঙত উত্তীৰ্ণৰ হাৰ ৯৬.৫৯ শতাংশ।

সেইদৰে, বিজ্ঞান শাখাত শীৰ্ষস্থানত জিলিকিছে তামুলপুৰ জিলা। তামুলপুৰ জিলাত উত্তীৰ্ণৰ হাৰ ৯৭.৯৮ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ দ্বিতীয় স্থানত আছে শিৱসাগৰ জিলা। শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ ৯৭.৬০ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত আছে বাক্সা জিলা। বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৫.৮৬ শতাংশ।

আনহাতে, বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষত আছে শিৱসাগৰ জিলা। শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ ৯৭.৪২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰত দ্বিতীয় স্থানত আছে বজালী জিলা। বজালী জিলাত উত্তীৰ্ণৰ হাৰ ৯৬.৯১ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত আছে দুখন জিলা। বাক্সা আৰু চৰাইদেউ জিলাত একেলগে উত্তীৰ্ণৰ হাৰ ৯৫.৮৮ শতাংশ।