NORTHEAST NOW (Assamese)

দিন ঘোষণা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ

December 12, 2018 9:12 pm · এন ই নাও নিউজ
Updated: December 12, 2018 10:58 pm
শিক্ষা সংসদৰ প্ৰতীক।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) পৰিচালনা কৰা চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ হ’ব অহা ১২ ফেব্ৰুৱাৰিৰ পৰা।

অসমৰ ৭৮০টা কেন্দ্ৰত ১৫ মাৰ্চলৈকে অনুষ্ঠিত হ’ব এই পৰীক্ষা। মঙলবাৰে গুৱাহাটীত শিক্ষা সংসদৰ বৈঠকৰ পিছতে এই কথা ঘোষণা কৰিছে সচিব কমল জ্যোতি গগৈয়ে।

গগৈয়ে নৰ্থ ইষ্ট নাও-ক জনায় যে পৰৱৰ্তী এক বৈঠকৰ পিছতহে পৰীক্ষাৰ সম্পূৰ্ণ সূচী নিৰ্ধাৰণ কৰা হ’ব।

২০১৯ চনৰ এপ্ৰিলত দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ বাবে পূৰ্বতকৈ আগতীয়াকৈ এই পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা সদৰী কৰিছে সচিবগৰাকীয়ে।

কিছুদিন পূৰ্বে সৰ্বভাৰতীয় শিক্ষা পৰিষদৰ সন্মিলনত পৰীক্ষা আগতীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

আনহাতে পঞ্চায়তৰ ভোট গণনা অন্ত পৰাৰ পিছতে পৰীক্ষাৰ সৈতে জড়িত শিক্ষক, বিষয়া, কৰ্মচাৰীসকলক ডিচেম্বৰ মাহতে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব শিক্ষা সংসদে।

কেৱল সেয়ে নহয়, এইবাৰ পৰীক্ষাত কেইবাটাও নিয়ম সলনি হোৱাৰ লগতে নতুন নিয়ম প্ৰৱৰ্তন কৰা, স্পৰ্শকাতৰ কেন্দ্ৰত জামাৰ আৰু জি পি আৰ এছৰ ব্যৱস্থা আৰু যোৱা বছৰৰ পৰীক্ষাত খেলিমেলিৰ সৃষ্টি হোৱা কেইবাটাও কেন্দ্ৰৰ স্বীকৃতি বাতিল কৰাৰ বাবেও সিদ্ধান্ত হোৱা হৈছে, শিক্ষা সংসদৰ সূত্ৰত প্ৰকাশ।

Related News