NORTHEAST NOW (Assamese)
অসম

অপ্ৰতিৰোধ্য যমুনাৰ ছেমি ফাইনেলত প্ৰৱেশ, ৩টা পদক নিশ্চিত ভাৰতৰ ||আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2019 5:41 pm
AIBA Women's World C'ships: Assam boxer Jamuna Boro reaches 54kg semis

অসমৰ তৰুণী বক্সাৰ যমুনা বড়োৱে অপ্ৰতিৰোধ্য গতি অব্যাহত ৰাখি বৃহস্পতিবাৰে  প্ৰৱেশ কৰিছে আইবাৰ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত।

কুৱাৰ্টাৰ ফাইনেলত জাৰ্মেনিৰ উৰ্ছুলা গটলবক পৰাস্ত কৰি যমুনাই ৫৪কেজি শাখাৰ ছেমিত স্থান নিশ্চিত কৰিছে।

কুৱাৰ্টাৰ ফাইনেলত জাৰ্মান বক্সাৰগৰাকীৰ বিৰুদ্ধে ৪-১ ব্যৱধানত বিজয়ী ঘোষিত হৈছে ২২ বছৰীয়া যমুনা।

অহা ১২ অক্তোবৰত ৰাছিয়াত চলিত প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত যমুনা চাইনিজ টাইপেইৰ হুৱাং চিয়াও ৱেনৰ মুখামুখি হ’ব।

চেম্পিয়নশ্বিপটোত প্ৰথমবাৰৰ অংশগ্ৰহণ কৰা যমুনাৰ ছেমি ফাইনেল প্ৰৱেশে প্ৰতিযোগিতাখনত ভাৰতৰ তিনিটা পদক নিশ্চিত কৰিছে।

মণিপুৰৰ মেৰি কম আৰু মঞ্জু ৰাণীৰ যোগেদি প্ৰতিযোগিতাখনত ইতিমধ্যে ভাৰতৰ দুটা পদক নিশ্চিত হৈছে।

অসমৰ আন এগৰাকী তৰুণী বক্সাৰ লাভলিনা বৰগোহাঁয়ে প্ৰতিযোগিতাখনৰ কুৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

পূৰ্বৰ ৰাউন্দসমূহত যমুনাই মংগোলিয়াৰ মিচিদ্মা আৰ্নেদালাই আৰু আলজিৰিয়াৰ ফাউথ অৱিদাদক পৰাভূত কৰিছিল।