NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াত দুৰন্ত অসমৰ তৰুণী, যমুনাৰ পিছত লাভলিনাও ছেমিত ||আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2019 6:34 pm
AIBA World Boxing Championship: Assam boxer Lovlina enters 69kg semis

ৰাছিয়াত অসমৰ তৰুণী বক্সাৰৰ দুৰন্ত গতি অব্যাহত ৰাখি বৃহস্পতিবাৰেই যমুনা বড়োৰ পিছত আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ কৰিছে লাভলিনা বৰগোহাঁয়ে।

৬৯কেজিৰ কুৱাৰ্টাৰ ফাইনেলত প’লেন্দৰ কেৰলিনা কজজেওস্কাৰ বিৰুদ্ধে ৪-১ ব্যৱধানত বিজয়ী ঘোষিত হৈছে গোলাঘাটৰ তৰুণীগৰাকী।

লাভলিনাৰ ছেমি ফাইনেল প্ৰৱেশে প্ৰতিযোগিতাখনত ভাৰতৰ চাৰিটা পদক নিশ্চিত কৰিছে।

মণিপুৰৰ মেৰি কম, মঞ্জু ৰাণী আৰু অসমৰ যমুনা বড়োৰ যোগেদি প্ৰতিযোগিতাখনত ইতিমধ্যে ভাৰতৰ তিনিটা পদক নিশ্চিত হৈছিল।

প্ৰতিযোগিতাখনত প্ৰথমবাৰ ভাগ লোৱা যমুনা বড়োৱে কুৱাৰ্টাৰ ফাইনেলত জাৰ্মেনিৰ উৰ্ছুলা গটলবক পৰাস্ত কৰিছে।

যমুনাই ৫৪কেজি শাখাৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে।

কুৱাৰ্টাৰ ফাইনেলত জাৰ্মান বক্সাৰগৰাকীৰ বিৰুদ্ধে ৪-১ ব্যৱধানত বিজয়ী ঘোষিত হৈছে যমুনা।

অহা ১২ অক্তোবৰত প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত যমুনা চাইনিজ টাইপেইৰ হুৱাং চিয়াও ৱেনৰ মুখামুখি হ’ব।

পূৰ্বৰ ৰাউন্দসমূহত যমুনাই মংগোলিয়াৰ মিচিদ্মা আৰ্নেদালাই আৰু আলজিৰিয়াৰ ফাউথ অৱিদাদক পৰাভূত কৰিছিল।