NORTHEAST NOW (Assamese)
Popular Stories

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এআই ফ্ৰেমৱৰ্ক সম্পৰ্কে উদ্বেগ প্ৰকাশ অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 18, 2025 7:55 pm

অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচন (AIBOC), যি ৩,২৫,০০০ৰো অধিক বেংক বিষয়াক প্ৰতিনিধিত্ব কৰে, তেওঁলোকে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (RBI)ৰ প্ৰস্তাৱিত ‘Framework for Responsible and Ethical Enablement of Artificial Intelligence (FREE-AI)ৰ বিষয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। সংস্থাটোৰ  মতে, এই ফ্ৰেমৱৰ্কক ট্ৰেড ইউনিয়ন, নাগৰিক সমাজ বা গ্ৰাহক সংগঠনৰ সৈতে আলোচনা নকৰাকৈ জোৰকৈ প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত আইনী অস্পষ্টতা, গ্ৰাহকৰ ক্ষতি আৰু ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ওপৰত অতিৰিক্ত চাপৰ সম্ভাৱনা আছে।

উল্লেখ্য যে এই সন্দৰ্ভত সংস্থাটোৱে আঠটা প্ৰধান সমস্যাৰ বিষয়ে উত্থাপন কৰিছে। ইয়াৰ ভিতৰত আছে বেংকিং আৰু তথ্য সুৰক্ষাৰ নিয়মৰ সৈতে বিসঙ্গতিৰ আশংকা, এআই ব্যৰ্থতাৰ বাবে কৰ্মচাৰীক দোষাৰোপ কৰাৰ সম্ভাৱনা, আৰু পক্ষপাতিত্বমূলক এলগ’ৰিদমৰ বাবে দুৰ্বল গোট বাদ পৰাৰ আশংকা। তেওঁলোকে স্পষ্ট দায়বদ্ধতাৰ প্ৰট’কল, নিয়মীয়া পৰ্যৱেক্ষণ, আৰু ঋণৰ সিদ্ধান্তৰ বাবে মানৱ পৰ্যালোচনাৰ অধিকাৰৰ দাবী কৰিছে। ইয়াৰ উপৰিও, ৰাজহুৱা খণ্ডৰ বেংকসমূহে ব্যক্তিগত বেংকৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ ৰাজহুৱা বিনিয়োগৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰিছে। AIBOCয়ে এআইৰ বাবে এখন ৰাষ্ট্ৰীয় পৰিষদ গঠনৰ প্ৰস্তাৱ দিছে, য’ত ট্ৰেড ইউনিয়ন, নাগৰিক সমাজ আৰু গ্ৰাহকৰ প্ৰতিনিধি থাকিব। তেওঁলোকে এখন চৰকাৰী বিবৃতি প্ৰকাশ কৰি মুকলি আলোচনাৰ পিছত পৰ্যায়ক্ৰমে এআই প্ৰৱৰ্তনৰ দাবী কৰিছে। উচ্চ হাৰত এআই ব্যৱহাৰৰ ওপৰত মানৱ তদাৰকী আৰু ন্যায্যতাৰ নিৰীক্ষণৰ ব্যৱস্থা নোহোৱালৈকে অস্থায়ী নিষেধাজ্ঞাৰ পোষকতা কৰিছে। সংস্থাটোৰ সাধাৰণ সম্পাদক ৰূপম ৰয়ৰ মতে, “দায়িত্বশীল এআইয়ে কৰ্মচাৰীৰ অধিকাৰ আৰু ৰাজহুৱা বিশ্বাসক প্ৰাধান্য দিয়াটো প্ৰয়োজন।”