NORTHEAST NOW (Assamese)
অসম

এন্ট্ৰেন্স নহয়, স্নাতক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত নামভৰ্তি হ’ব MBA, PGDM পাঠ্যক্ৰমৰ: AICTE

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 10:01 am
409869390-cat

কোভিড-১৯ৰ পৰিস্থিতিৰ বাবে আন প্ৰতিষ্ঠানসমূহৰ দৰেই এইবছৰ MBA আৰু PGDM পাঠ্যক্ৰমৰ নামভৰ্তি কেবল মাত্ৰ শিক্ষাৰ্থীৰ স্নাতক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত কৰা হ’ব।

সেয়েহে, MBA আৰু PGDM প্ৰতিষ্ঠানসমূহে এইবাৰ কোনো প্ৰৱেশ পৰীক্ষা বা এন্ট্ৰেন্স অনুষ্ঠিত নকৰে।

অল ইণ্ডিয়া টেকনিকেল এডুকেশ্যন কাউন্সিল অৰ্থাৎ চমুকৈ AICTEয়ে এই কথা জানিবলৈ দিছে।

AICTEয়ে লগতে এই ব্যৱস্থা অকল মাত্ৰ ২০২০-২১ শিক্ষাবৰ্ষৰ বাবেহে প্ৰযোজ্য বুলি স্পষ্ট কৰি দিছে।

কাউন্সিলৰ সদস্য সচিব ৰাজীৱ কুমাৰে সদৰী কৰে যে MBA বা PGDM পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে CAT, XAT, CMAT, ATMA, MAT, GMAT আদি সৰ্বভাৰতীয় পৰীক্ষাৰ লগতে সংশ্লিষ্ট ৰাজ্যৰ কমন এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হয়।

ইয়াৰ মাজতে কেইবাখনো ৰাজ্যত কোভিড-১৯ পৰিস্থিতিৰ বাবে কিছুমান এন্ট্ৰেন্স পৰীক্ষাৰ আয়োজন কৰা হোৱা নাই। তদুপৰি, পৰীক্ষাসমূহ স্থগিত কৰা হৈছে বা কেতিয়া অনুষ্ঠিত হ’ব তাৰো কোনো নিৰ্ণয় হোৱা নাই।

সেয়েহে, এনে পৰিস্থিতি MBA আৰু PGDM প্ৰতিষ্ঠানসমূহক স্বচ্ছ প্ৰক্ৰিয়াৰে মেধাৰ তালিকা প্ৰস্তুত কৰি স্নাতক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত নামভৰ্তি কৰাৰ অনুমতি দিয়া হৈছে।

অৱশ্যে, যিসকল শিক্ষাৰ্থীয়ে এন্ট্ৰেন্স দিছে তেওঁলোকক স্নাতক পৰীক্ষাৰ নম্বৰ নোচোৱাকে অগ্ৰাধিকাৰ দিয়া হ’ব।

AICTEয়ে লগতে প্ৰতিষ্ঠানসমূহক কৈছে যে যদি খালী আসন থাকে তেতিয়াহ’লে স্নাতক পৰীক্ষাৰ নম্বৰ ভিত্তিত শিক্ষাৰ্থীক বাচনি কৰিব লাগিব।