NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

২৬/১১ মুম্বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড হাফিজ ছঈদৰ ঘনিষ্ঠ সহযোগীক গুলীয়াই হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 1, 2023 3:59 pm
26/11 Mumbai attack

সমগ্ৰ দেশক জোকাৰি যোৱা অভিশপ্ত ২৬/১১ মুম্বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড হাফিজ ছঈদৰ এক ঘনিষ্ঠ সহযোগী গুলীয়াই হত্যা কৰিছে অচিনাক্ত বন্দুকধাৰীয়ে। পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই ঘটনাৰ খবৰ।

প্ৰকাশিত খবৰ অনুসৰি, পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ঈ-তৈবাৰ (LeT) অন্যতম আগশাৰীৰ নেতা মুফতী কাইজাৰ ফাৰুকক কৰাচীত অচিনাকি লোকে গুলীয়াই হত্যা কৰে।

কাইজাৰ ফাৰুক আছিল সন্ত্ৰাসবাদী সংগঠনটোৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আৰু ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছঈদৰ ঘনিষ্ঠ সহযোগী।

শনিবাৰে সামানবাদ অঞ্চলৰ এটা ধৰ্মীয় অনুষ্ঠানৰ সমীপত ৩০ বছৰীয়া কাইজাৰ ফাৰুকক গুলীয়াই হত্যা কৰা হয়। পিঠিত গুলীৰ আঘাত পোৱা ফাৰুকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

অৱশ্যে গুলীয়ে হনা গুৰুতৰ আঘাতৰ ফলত চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়। এই আক্ৰমণত এজন ১০ বছৰীয়া শিশুও আহত হয় বুলি পাকিস্তানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।