NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াৰ ভেকচিন সুৰক্ষিত হয় নে নহয় আমি চাব লাগিব; এইমছৰ সঞ্চালকৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2020 10:53 am
Nagaland-COVID19-1-1140x570

ৰাছিয়াই বিশ্বৰ প্ৰথমটো ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক স্পুটনিক-ভি প্ৰস্তুত কৰি উলিওৱাৰ পাছতে এই প্ৰতিষেধক সন্দৰ্ভত মত ব্যক্ত কৰিছে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই।

গুলেৰিয়াই ৰাছিয়াই প্ৰস্তুত কৰি উলিওৱা প্ৰতিষেধক সম্পৰ্কত মত ব্যক্ত কৰি কয় যে আমি ৰাছিয়াৰ প্ৰতিষেধক বিধ সুৰক্ষিত আৰু ফলপ্ৰসূ হয় নে নহয় সেই সম্পৰ্কে সুক্ষ্মভাৱে পৰ্যালোচনা কৰিব লাগিব।

তেওঁ লগতে প্ৰতিষেধক বিধৰ পাৰ্শ্বক্ৰিয়া আছেনে আৰু শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াব পাৰেনে নে নাই সেই সম্পৰ্কতো দৃষ্টি ৰখা হ’ব বুলি লগতে জানিবলৈ দিয়ে।

আনহাতে, ভাৰতৰ বহুল হাৰত ভেকচিন প্ৰস্তুত কৰিব পৰাৰ ক্ষমতা আছে বুলিও এইমছৰ সঞ্চালক গৰাকীয়ে লগতে কয়।

ৰাছিয়াই নিৰ্মাণ কৰি উলিওৱা বিশ্বৰ প্ৰথমটো ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক সম্পৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰাও মন্তব্য প্ৰকাশ কৰি প্ৰথটো নহয় সুৰক্ষিত প্ৰতিষেধক প্ৰস্তুত কৰাটোহে গুৰুত্বপূৰ্ণ বুলি কয়।