NORTHEAST NOW (Assamese)
অসম

পত্নীক সাক্ষাতৰ বাবে ওলাই আহিব নোৱাৰিলে অসুস্থ অখিল গগৈ; ৰৈ ৰৈ উভতিল পত্নী গীতাশ্ৰী

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 3, 2020 5:33 pm
Akhil Gogoi Story

কাৰাবাস খাটি থকা অৱস্থাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক সাক্ষাৎ কৰাৰ বাবে মঙলবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় পত্নী গীতাশ্ৰী তামুলী।

প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত অখিল গগৈক সাক্ষাৎ কৰাৰ বাবে পত্নী তামুলীয়ে কাৰাগাৰত প্ৰায় ৪৫ মিনিট সময় অপেক্ষা কৰিলেও ৰুগ্ন শৰীৰৰ বাবে নিজৰ পত্নীক সাক্ষাৎ কৰিব নোৱাৰিলে কৃষক নেতা গৰাকী।

‘‘মই কি কম লগ ধৰিব আহিছিলোঁ হে, ওলাই আহিবই নোৱাৰিলে তেওঁ গা বেয়া বুলি কৈছে,’’ কাৰাগাৰৰ বাহিৰলৈ ওলাই আহি গীতাশ্ৰী তামুলীয়ে সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ কয়।

‘‘শনিবাৰে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত দেখা কৰিছিলোঁ তাৰ পিছৰ পৰাটো তেওঁক মই দেখাই নাই। আইনৰ মতে যি হয় তাকে হ’ব মই একো নকওঁ,’’ আৱেগিক তামুলীয়ে লগতে কয়।

উল্লেখযোগ্য যে, পেটৰ বিষ, জ্বৰ আৰু কঁকালৰ বিষত গুৰুতৰভাৱে আক্রান্ত হৈ পৰা কৃষক নেতা গৰাকীৰ বিগত শনিবাৰৰ পৰা বিছনা পৰা উঠিব নোৱাৰা অৱস্থা হৈছে বুলি জানিব পৰা গৈছে।