NORTHEAST NOW (Assamese)
অসম

গুণোৎসৱত উপস্থিত থকা অসুস্থ ছাত্ৰীৰ মৃত্যু : তীব্ৰ পেটৰ যন্ত্ৰণাত ভুগিছিল ছাত্ৰীগৰাকী

Posted by: ৰাহুল চক্ৰবৰ্তী November 5, 2018 9:08 pm
IMG-20181105-WA0027

অসুস্থ অৱস্থাতো গুণোৎসৱত উপস্থিত থকা হাইলাকান্দি জিলাৰ পূৰ্ব সোণাপুৰ মজলীয়া বিদালয়ৰ অষ্টম মানৰ ছাত্ৰী ছামিমা বেগম নামৰ ছাত্ৰীগৰাকীৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে।

গুণোৎসৱৰ তৃতীয় দিনা ছাত্ৰীগৰাকীৰে পেটত অসহ্য যন্ত্ৰণা অনুভৱ কৰাত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাব দিয়া হৈছিল। কিন্তু পিছ দিনাই ছাত্ৰীগৰাকীৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।ছাত্ৰীগৰাকীৰ মৃত্যুত তেওঁ পঢ়া বিদ্যালয়খনত শোকৰ ছাঁ পৰে।

ছাত্ৰীগৰাকীৰ মৃত্যুৰ বাতৰি পাই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী আৰু চিআৰচিচি সমন্বিতে জিলা উন্নয়ন আয়ুক্ত (District Development Commissioner) এফআৰ লস্কৰে নিজেই ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত উপস্থিত হয়। লস্কৰে জিলা প্ৰশাসনৰ হৈ ছাত্ৰীগৰাকীৰ মৃত্যুত তেওঁৰ পৰিয়ালবৰ্গলৈ তেওঁৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰে আৰু ছাত্ৰীগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।