NORTHEAST NOW (Assamese)

যুদ্ধৰ দামামা!: উত্তৰাখণ্ডৰ ভাৰত-চীন-নেপাল সীমান্তৰ তিনি জিলাত বায়ু সেনা মোতায়েন কৰিব ভাৰতে

September 12, 2020 7:40 pm · এন ই নাও নিউজ
Updated: September 12, 2020 7:47 pm

দুই প্ৰতিৱেশী ৰাষ্ট্ৰৰ সৈতে সৃষ্টি হোৱা সীমান্ত বিবাদৰ পিছত ক্ৰমাৎ সীমান্তত সক্ৰিয় হৈ উঠিছে ভাৰতীয় সেনা।

চীনৰ সমান্তৰালভাৱে নেপালেও উত্তৰাখণ্ড আৰু বিহাৰ সীমান্তৰ বহু এলেকা নিজৰ বুলি দাবী কৰাৰ পিছত দুয়োখন প্ৰতিৱেশী ৰাষ্ট্ৰৰ সৈতে থকা ভাৰতৰ সীমান্ত অঞ্চলত উত্তেজনাৰ বৃদ্ধি পাইছে।

ইফালে চীনে ক্ৰমাগতভাৱে লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে মেক-মোহন লাইনত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিয়ে আগ্ৰাসন চলোৱাও পৰিলক্ষিত হৈছে।

তেনে সময়তে ভাৰতেও সীমান্তত নিজৰ সামৰিক শক্তি বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে।

ইয়াৰ ফলশ্ৰুতিতে ভাৰতে নেপাল আৰু চীন সীমান্তৰ উত্তৰাখণ্ডৰ তিনিখন জিলাত ভাৰতীয় বায়ু সেনাক মোতায়েন কৰিব।

শুকুৰবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাণাৱটৰ সৈতে এয়াৰ মাৰ্শ্বাল ৰাজেশ কুমাৰসহ বায়ু সেনাৰ অন্যান্য বিষয়াসকলে মিলিত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

উক্ত বৈঠকতে চামুলি, পিথুৰগড় আৰু উত্তৰ কাশী জিলাৰ নেপাল আৰু চীন সীমান্তত বায়ু সেনা মোতায়েন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ বায়ু সেনা আৰু ৰাজ্য চৰকাৰ দুয়ো পক্ষৰ পৰা একোজনকৈ নডেল অফিচাৰ নিয়োগ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উক্ত বৈঠকতে বায়ুসেনাই এডভান্স লেণ্ডিং গ্ৰাউণ্ড, চৌকুঠিয়াত নতুন বিমান ঘাটি নিৰ্মাণ, পাটনানগৰ জলি গ্ৰাণ্ট আৰু পিথুৰগড় বিমানবন্দৰ সম্প্ৰসাৰণৰ দাবীও উত্থাপন কৰা হৈছে।

Related News