NORTHEAST NOW (Assamese)
Popular Stories

অহা মাৰ্চ মাহৰ ভিতৰত বিক্ৰী কৰা হ’ব Air India আৰু BPCL; বিত্ত মন্ত্ৰীৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2019 2:21 pm

অহা বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত বিক্ৰী কৰা হ’ব চৰকাৰী এয়াৰলাইন এয়াৰ ইণ্ডিয়া (Air India) আৰু তৈল প্ৰতিষ্ঠান ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটিড চমুকৈ বি পি চি এল (BPCL)।

শনিবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে এই কথা সদৰী কৰি কয় যে এই দুয়োটা কোম্পানী বিক্ৰীৰ দ্বাৰা চৰকাৰে চলিত বিত্তীয় বৰ্ষত ১ লাখ কোটি টকা আহৰণৰ লক্ষ্য লৈছে।

তেওঁ লগতে কয় যে এয়াৰ ইণ্ডিয়াৰ বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে আয়োজন কৰা ৰ’ড শ্ব’সমূহত বিনিয়োগকাৰীৰ মাজত উৎসাহ দেখা গৈছে।

বিগত বৰ্ষত বিনিয়োগকাৰীয়ে এয়াৰ ইণ্ডিয়া ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ দেখুওৱা নাছিল বাবে বিক্ৰী কৰা হোৱা নাছিল, তেওঁ লগতে কয়।

অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বহুকেইটা ক্ষেত্ৰ মন্দাৱস্থাৰ পৰা ৰক্ষা পৰিছে বুলিও তেওঁ লগতে দাবী কৰে।

আনাহতে বিত্ত মন্ত্ৰী গৰাকীৰ এই ঘোষণাৰ পিছতে টুইটাৰ আদি সামাজিক মাধ্যমত বিভিন্নজনে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে।

একাংশই দেশৰ বৰ্তমানৰ মন্দাৱস্থাৰ বাবে কেন্দ্ৰীয় চৰকাৰ দায়ী বুলি উল্লেখ কৰি কয় যে মোদী চৰকাৰৰ অধীনত অহা দিনসমূহত দেশৰ সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানকে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া হ’ব।