NORTHEAST NOW (Assamese)
অসম

যান্ত্ৰিক বিজুতি: শিলচৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰী অৱতৰণ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 10, 2021 11:45 am

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা আজি কথমপি ৰক্ষা পৰে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান।

বহু যাত্ৰী আৰু বিমানকৰ্মীক কঢ়িয়াই আজি পুৱা শিলচৰ বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে।

লগে লগে বিমান খনৰ পাইলটে বিমান খনৰ জৰুৰী অৱতৰণ কৰোৱাৰ সিদ্ধান্ত লয়।

সেই মৰ্মে পুনৰ শিলচৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানখনৰ জৰুৰী অৱতৰণ কৰোৱা হয়।

ফলত নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে যাত্ৰীসকল।

জানিব পৰা মতে এয়াৰ ইণ্ডিয়াৰ বিমান খনে কলকাতা অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।

বিমান খনৰ নম্বৰ হৈছে এ আই ৭৫৪ ।

সম্প্ৰতি বিমান খনৰ যাত্ৰীসকল সুৰক্ষিত অৱস্থাত থকা বুলি জানিব পৰা গৈছে।