NORTHEAST NOW (Assamese)
অসম

লণ্ডন অভিমুখী আন এখন এয়াৰ ইণ্ডিয়াৰ বিমান ৩ ঘন্টা আকাশত উৰি উভতিল মুম্বাইলৈ, কাৰণটো কি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2025 12:03 pm

পশ্চিম এছিয়াত ইৰাণ-ইজৰাইলৰ উত্তেজনাই বিমান পৰিবহণত যথেষ্ট প্ৰভাৱ পেলাইছে। এনে পৰিস্থিতিত এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমানৰ পথ সলনি বা বাতিল কৰিবলগীয়া হৈছে। ইয়াৰ ভিতৰত মুম্বাইৰ পৰা লণ্ডনলৈ যোৱা এখন বিমান তিনি ঘন্টা আকাশত উৰাৰ পাছত মুম্বাই বিমানবন্দৰলৈ উভতি আহিছে। পুৱা ৫:৩৯ বজাত উৰা মাৰি তিনি ঘণ্টা ধৰি আকাশত আছিল বিমানখন।

ইৰাণত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ বাবে সেই দেশৰ আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে বুলি এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰিছে। ফলত ইয়াৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমান বিকল্প পথলৈ প্ৰেৰণ কৰা হৈছে বা বিমান বাতিল কৰা হৈছে।

যিবোৰ বিমানৰ পথ সলনি কৰা হৈছে বা বাতিল কৰা হৈছে:

AI130 (লণ্ডন-মুম্বাই): ভিয়েনালৈ ডাইভাৰ্ট কৰা হৈছে

AI102 (নিউয়ৰ্ক-দিল্লী): শ্বাৰজাহলৈ ডাইভাৰ্ট কৰা হৈছে

AI119 (মুম্বাই-নিউয়ৰ্ক): মুম্বাইলৈ উভতিব

AI103 (দিল্লী-ৱাশ্বিংটন): দিল্লীলৈ উভতিব

AI188 (ভেংকুভাৰ-দিল্লী): জেদ্দালৈ ডাইভাৰ্ট কৰা হৈছে

AI101 (দিল্লী-নিউয়ৰ্ক): ফ্ৰেংকফৰ্ট/মিলানলৈ ডাইভাৰ্ট কৰা হৈছে

AI126 (চিকাগো-দিল্লী): জেদ্দালৈ ডাইভাৰ্ট কৰা হৈছে

AI190 (টৰন্টো-দিল্লী): ফ্ৰেংকফৰ্টলৈ ডাইভাৰ্ট কৰা হৈছে

AI189 (দিল্লী-টৰন্টো): দিল্লীলৈ উভতিব

এই অভাৱনীয় পৰিস্থিতিত যাত্ৰীসকলৰ অসুবিধাৰ বাবে এয়াৰ ইণ্ডিয়াই দুখ প্ৰকাশ কৰিছে। কোম্পানীয়ে জনাইছে যে যাত্ৰীসকলক হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছে। যদি কোনোবাই টিকট বাতিল কৰি ৰিফাণ্ড বা বিনামূলীয়া ৰিশ্বেডুলিং পাব বিচাৰে তেন্তে তেওঁলোকক এই সুযোগ দিয়া হৈছে। এয়াৰ ইণ্ডিয়াইও শীঘ্ৰে বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে বুলি জনাইছে।

ইজৰাইলৰ ‘অপাৰেচন ৰাইজিং লায়ন’ৰ অধীনত ইৰাণৰ কেইবাটাও পাৰমাণৱিক আৰু সামৰিক ঘাটিত আক্ৰমণ কৰা হৈছিল। ইয়াৰ পিছত ইৰানে নিজৰ আকাশমাৰ্গ বন্ধ কৰাৰ কথা ঘোষণা কৰে। একে সময়তে ইজৰাইলেও নিজৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ কৰি জৰুৰী সতৰ্কবাণী জাৰি কৰিছে।