NORTHEAST NOW (Assamese)
অসম

চীনলৈ সকলো বিমান সেৱা ২০ জুন পৰ্য্যন্ত বাতিল কৰিলে এয়াৰ ইণ্ডিয়াই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2020 7:32 pm

ক’ৰ’না ভাইৰাছৰ বাবে সাৱধানতাৰ অংশস্বৰূপে দেশৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়াই চীনৰ মূল ভূখণ্ডলৈ সকলো বিমান সেৱা বাতিলৰ সময়  বৃদ্ধি কৰিছে।

এই বাতিল পূৰ্বে ২৮ মাৰ্চলৈকে নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়া ইয়াক ২০ জুনলৈকে বৃদ্ধি কৰা হয়।

মাৰাত্মক ভাইৰাছবিধে সৃষ্টি কৰা আতংকৰ বাবে এয়াৰ ইণ্ডিয়াৰ দৰে বিশ্বৰ বহুকেইখন দেশে চীনলৈ বিমানসেৱা বাতিল কৰিছে।

বিমানসেৱা বাতিল কৰাৰ উপৰি চীনৰ পৰা নিজৰ দেশৰ নাগৰিকসকলক ঘূৰাই আনিছে দেশবোৰে।

ভাৰতৰ প্ৰতিৱেশী দেশখনত হাজাৰ লোক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ উপৰি প্ৰায় ২ হাজাৰ লোকে মৃত্যুক সাৱটিছে।

যুদ্ধকালীন তৎপৰতাৰে চীনে ইয়াৰ সৈতে মোকাবিলা কৰাৰ চেষ্টা কৰি আছে যদিও এতিয়াও নিয়ন্ত্ৰণৰ ভিতৰলৈ অহা নাই।

তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশখনত নতুনকৈ ৮৮৯টা আক্ৰান্তৰ ঘটনা পঞ্জীয়ন হৈছে।

ইয়াৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যাই প্ৰায় ৭৫ হাজাৰ স্পৰ্শ কৰিছে। মৃত্যুৰ ঘটনা ২২৩৬টা।