NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনী ৰণত নামিল এআইয়ুডিএফ : তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

Posted by: এন ই নাও নিউজ March 23, 2019 12:47 pm
jljpbqwkug-1463652774

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে এআইয়ুডিএফে আজি ইয়াৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। এআইয়ুডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

আনহাতে, প্ৰকাশ কৰা প্ৰথমখন তালিকা অনুসৰি বৰপেটাত ড০ হাফিজ ৰফিকুল ইছলাম আৰু কৰিমগঞ্জ সমষ্টিত ৰাধেশ্যাম বিশ্বাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

জানিব পৰা মতে, দলটোৱে শীঘ্ৰে আন ৫টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব। ঘোষণা কৰিবলগীয়া আন ৫টা সমষ্টি হৈছে শিলচৰ, নগাঁও, কলিয়াবৰ, মঙলদৈ আৰু তেজপুৰ।

দলৰ সূত্ৰই জানিব দিয়া মতে এইবাৰ এআইয়ুডিএফে মুঠ আঠটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

দলটোৱে ঘোষণা কৰা প্ৰথমখন তালিকাত এইবাৰ বাদ দিয়া হৈছে দলটোৰ বৰ্তমান বৰপেটাৰ সাংসদ তথা দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলৰ নাম। ইয়াৰ বিপৰীতে বদৰুদ্দিন আজমলৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

ইপিনে, ধুবুৰী আৰু কৰিমগঞ্জ সমষ্টিত দুয়োগৰাকী বৰ্তমানৰ সাংসদে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।