NORTHEAST NOW (Assamese)

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীৰ চচলত এ আই ইউ ডি এফৰ প্ৰতিবাদ

May 11, 2022 4:50 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

বুধবাৰে চচলস্থিত ধৰ্ণাস্থলীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এ আই ইউ ডি এফ-এ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ কেইবাগৰাকীও বিধায়কৰ লগতে শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে । গেছ চিলিণ্ডাৰ, আলু–পিঁয়াজৰ মালা, মিঠাতেল সন্মুখত লৈ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে।

আমিনুল ইছলাম, হাফিজ বচিৰ আহমেদ, আশ্ৰাফুল হুছেইন, কৰিমুদ্দিন বৰভূঞা, আব্দুল আজিজ, ছুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, চামচুল হুদা, জাকিৰ হুছেইন লস্কৰ, মজিবুৰ ৰহমানকে ধৰি মুঠ ১২জন বিধায়ক উপস্থিত থাকে এই প্ৰতিবাদী কাৰ্যসূচীত।

প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি আমিনুল ইছলামে কয় “মূল্যবৃদ্ধিৰ সমস্যাক চৰকাৰে অৱহেলা কৰি আছে। যোগান বিভাগৰো এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই আৰু সেইবাবেই আমি ৰাজপথত নামিবলৈ বাধ্য হৈছোঁ।”

লক্ষ্যণীয় কথা এই যে বিভিন্ন সময়মত বিৰোধী দল- সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা পোৱা গৈছে যদিও এতিয়ালৈকে তাৰ কোনো স্থায়ী সমাধানৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

Related News