NORTHEAST NOW (Assamese)
Popular Stories

আমিনুল ইছলামক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ; চি আই ডিয়ে বিচাৰিছল ৪ দিনৰ জিম্মাত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 19, 2020 6:53 pm
aminul-islam-720x480_1486377283 (1)

ধিং সমষ্টিৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে চিআইডি আদালতে।

আজি চিআইডিয়ে নগাঁও জিলা কাৰাগাৰৰ পৰা আমিনুলক গ্ৰেপ্তাৰ কৰি আনি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰায়।

চিআইডিয়ে ৭ দিনৰ বাবে আমিনুলক নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তেওঁলোকৰ জিম্মাত নিদি পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

চিআইডিয়ে আমিনুলৰ বিৰুদ্ধে ০৫/২০ নম্বৰত এক গোচৰ ৰুজু কৰিছিল।

ইপিনে, ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সময়ত আমিনুলে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় ‘ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে আৰু অখিল গগৈৰ দৰে মোকো টাৰ্গেট কৰি লৈছে। গণতন্ত্ৰৰ কন্ঠ ৰোধ কৰিব বিচাৰিছে। কোৱাৰেন্টাইনত আমি যোৱাটো বিচাৰিছিলো। মই নিজেও কোৱাৰেন্টাইন চেন্টাৰত মানুহক পঠাই আছিলো।‘

আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ৮৭৭/ ২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/১৫৩(এ)/১২৪(এ)/২৯৫(এ) গোচৰ ৰুজু কৰিছিল।

যোৱা ৯ এপ্ৰিলৰ দিনা আদালতত জামিন বিচাৰি আমিনুলে মুখ থেকেচা খাইছিল।  

উল্লেখযোগ্য যে, নাক লৈ ধিং সমষ্টিৰ এআইয়ুডিএফৰ বিধায়ক আমিনুল ইছলামে ভয়ংকৰ অপপ্ৰচাৰ চলোৱাৰ তথ্য পোহৰলৈ আহিছিল।

ক’ৰ’না ৰোগীৰ বাবে স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰক ডিটেনশ্যন চেণ্টাৰতকৈও ভয়াৱহ বুলি এক টেলিফোনিক বাৰ্তালাপত উল্লেখ কৰাৰ লগতে ৰোগীসকলক বেজী দি মৃত্যুৰ ষড়যন্ত্ৰ কৰিছে বুলি ইছলামে কৈছিল।

বিধায়ক গৰাকীৰ মন্তব্যই ৰাজ্যখনৰ ইছলামধৰ্মী লোকক বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছিল।