NORTHEAST NOW (Assamese)

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 16, 2025 7:27 am

অহা ২৩ আগষ্ট ২০২৫, শনিবাৰে দিনৰ ১১.৩০ বজাৰপৰা গুৱাহাটীৰ অগ্রণী শিক্ষানুষ্ঠান বেলতলা মহাবিদ্যালয়ত আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্রধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিৎ বৰুৱাদেৱৰ জন্ম শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ লগতে দশম বার্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে।

অজিৎ বৰুৱা অনুৰাগী সমাজ আৰু বেলতলা মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত আয়োজিত এই অনুষ্ঠানত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষৰ উদ্বোধন তথা সিদিনাই প্রকাশিতব্য অজিৎ বৰৱা স্মাৰক বক্তৃতাঃ ২০১৬-২০২৫ শীর্ষক গ্রন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰিব প্রসিদ্ধ সমালোচক, বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে।

অনুষ্ঠানত ২০২৫ বৰ্ষৰ দশম বার্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতা প্রদান কৰিব বিশিষ্ট সমালোচক, নগাঁৱৰ পুৰণিগুদামৰ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ কমল শইকীয়াই।

বক্তৃতাৰ বিষয়: অজিৎ বৰুৱাৰ এলিয়ট চৰ্চা আৰু সাম্প্রতিক মার্কিন কবিতা।

তদুপৰি অনুষ্ঠানত অজিৎ বৰুৱাৰ এমুঠি নির্বাচিত কবিতা আবৃত্তি কৰিব খ্যাতনামা চলচ্চিত্ৰ পৰিচালক, অভিনেতা, আবৃত্তিকাৰ ডাঃ সান্ত্বনা বৰদলৈ আৰু নৱাগত আবৃত্তিকাৰ কিংকৰ বৰাই।

অনুষ্ঠানটিত সকলো আগ্ৰহী ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।

Related News