NORTHEAST NOW (Assamese)
অসম

‘ভোট নিদিলে টকাও নিদিওঁ’, প্ৰচাৰৰ সময়ত ভোটাৰক চিধা সকীয়নি অজিত পাৱাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2025 9:29 am

ভাৰতৰ ৰাজনীতিত ধনৰ বিনিময়ত ভোট ক্ৰয় কৰাৰ অভিযোগ পুৰণি যদিও প্ৰচাৰৰ মঞ্চত থিয় হৈ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে ‘পুঁজি’ (ফাণ্ড) সন্দৰ্ভত কৰা মন্তব্যক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ২ ডিচেম্বৰত হ’বলগীয়া মালেগাওঁ পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই কাণ্ড।

মালেগাওঁ পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়ত অজিত পাৱাৰে ভোটাৰক কয়, “আপোনালোকে ভোট নিদিলে আমিও টকা নিদিওঁ। আপোনাৰ হাতত ভোট আছে, আৰু আমাৰ হাতত ধন (ফাণ্ড)আছে।”

তেওঁ লগতে প্ৰতিশ্ৰুতি দিয়ে, “আপোনালোকে যদি আমাৰ সকলো প্ৰাৰ্থীক জয়ী কৰায় তেন্তে ধনৰ অভাৱ নহ’ব। আমি প্ৰতিশ্ৰুতি দিয়া সকলো কাম কৰিম।” এই নিৰ্বাচনত অজিত পাৱাৰৰ দল এন চি পিয়ে বিজেপিৰ সৈতে মিত্ৰতা কৰি ১৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

অজিত পাৱাৰৰ এই মন্তব্যই ৰাষ্ট্ৰীয় ৰাজনীতিত সমালোচনাৰ জোৱাৰ উঠিছে। অজিত পাৱাৰে ভোটাৰক ভাবুকি দিয়া বুলি পোনপটীয়া অভিযোগ উত্থাপন কৰিছে শিৱসেনাৰ নেতা আম্বাদাস দানভে।

আম্বাদাস দানভেই কয়, “সাধাৰণ মানুহৰ কৰৰ ধনেৰে এই পুঁজি সৃষ্টি কৰা হৈছে। এয়া অজিত পাৱাৰৰ ব্যক্তিগত সম্পত্তি নহয়।” নিৰ্বাচন আয়োগ কিয় মৌন বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

এই ঘটনাই ভোট ক্ৰয়ৰ বিতৰ্কৰ সৃষ্টি কৰিছে যদিও ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মিত্ৰতাৰ ৰাজনীতিত এক বেলেগ ধৰণৰ অস্থিৰতাৰ সৃষ্টি হৈছিল। বৃহস্পতিবাৰে শিৱসেনাই (একনাথ সিন্দে শিবিৰ) বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন নকৰাকৈ বিধায়ক ভাঙিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। একনাথ সিন্দেই এই সন্দৰ্ভত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাক অভিযোগ কৰাৰ লগতে কেবিনেট বৈঠক বৰ্জনো কৰিছিল।