NORTHEAST NOW (Assamese)
অসম

মুখ থেকেচা! পাটনাৰ বিৰোধীৰ বৈঠকলৈ আমন্ত্ৰণ নাপালে আজমলৰ এ আই ইউ ডি এফে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 23, 2023 3:10 pm

বিৰোধী মিত্ৰজোঁটত প্ৰৱেশৰ বাবে এআইইউডিএফে হাহাকাৰ কৰিলেও অসমৰ সংখ্যালঘু ভিত্তিক দলটোক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ যৌথ কৌশল ৰচনা কৰিবলৈ পাটনাত বৈঠকত মিলিত বিৰোধী দলবোৰে চূকলৈ ঠেলি দিলে।  

বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল (ইউনাইটেড)ৰ নেতা নীতিশ কুমাৰে আহ্বান কৰা বিৰোধী দলসমূহৰ বৈঠকত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফক নিমন্ত্ৰণ কৰা হোৱা নাই।

ইপিনে, বুধবাৰে মুম্বাইত শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দলে।

থাকৰেৰ সৈতে বৈঠকত তেওঁলোকে বিজেপিক পৰাস্ত কৰাৰ বাবে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক দলসমূহৰ একত্ৰীকৰণৰ বিষয়ে আলোচনা কৰে।

বিৰোধী মিত্ৰজোঁটৰ পৰা এ আই ইউ ডি এফক বাদ দিবলৈও থাকৰেক আহ্বান জনাইছে অজাপ নেতাসকলে।

ইয়াৰ পূৰ্বে ২০২১ চনত অসমত বিধানসভা নিৰ্বাচনৰ পিছত এআইইউডিএফৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰা কংগ্ৰেছেও আজমল নেতৃত্বাধীন দলটোৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰিছে।

কংগ্ৰেছে এআইইউডিএফক “বিজেপিৰ মুখপাত্ৰ” বুলি অভিযোগ উত্থাপন কৰে।

জয়ৰাম ৰমেশে এক বিবৃতিত কৈছিল, ‘এআইএমআইএমৰ দৰে আন কিছুমান দলৰ দৰে আজমল বিজেপিৰ বাবে মুখপত্ৰৰ বাহিৰে আন একো নহয়। তেওঁ দাবী কৰা ধৰণে ইউ পি এৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই।”

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মাই কৈছিল যে আজমল বিজেপিৰ এক নম্বৰ এজেণ্ট।