NORTHEAST NOW (Assamese)
অসম

টীয়কত নিৰ্বাচনলৈ টঙালি বান্ধিছে অজাপ-এ : যুৱ পৰিষদসহ দুখনকৈ আঞ্চলিক কমিটি গঠন

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক January 31, 2021 8:23 pm
IMG-20210131-WA0039

টীয়কত  জাতীয় পৰিষদ দলৰ সংগঠনিক কাম-কাজত তৎপৰতা বৃদ্ধি। কাকজান আঞ্চলিক আৰু পূব টীয়ক আঞ্চলিক পৰিষদৰ  সমিতি গঠন

ৰাজ্যৰ নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিত সাংগঠনিক তৎপৰতা তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে।

টীয়ক বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদ দলে কালি কাকজান আঞ্চলিক আৰু আজি পূব টীয়ক আঞ্চলিক  পৰিষদৰ পূৰ্ণাংগ সমিতি গঠন কৰে।

কালি কাকজান বনগাঁও তিনি আলিত দিলীপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত দিলীপ বৰুৱাক  সভাপতি, অভিজিত বৰুৱা আৰু আৰিফ আহমেদক সম্পাদক হিচাপে লৈ অসম জাতীয় পৰিষদ দলৰ কাকজান আঞ্চলিক পৰিষদ খনি গঠন কৰা হয়।

সমান্তৰালভাৱে মমী বৰাক সভানেত্ৰী আৰু  চৈয়দা মামদূহা ফাৰহান আৰু হেমদা শইকীয়াক সম্পাদিকা হিচাপে লৈ  কাকজান জাতীয় মহিলা শক্তি সমিতিও গঠন হয়।

নজৰুল আহমেদক সভাপতি আৰু আলিউৰ ৰহমান আৰু শংকৰ ফুকনক সাধাৰণ সম্পাদক হিচাপে লৈ  যুৱ শক্তিৰ আঞ্চলিক সমিতিও উক্ত সভাতে গঠন কৰা হয়।

আনহাতে আজি দচুক মাজগাঁৱত সৌৰভ বৰাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত জীৱন বৰাক সভাপতি, কৃষ্ণ হাজৰিকাক উপ সভাপতি আৰু ব্ৰজেন ওজাক সম্পাদক হিচাপে লৈ পূব টীয়ক আঞ্চলিকখন গঠন কৰা হয়।

ববিতা শইকীয়াক সভানেত্ৰী আৰু জুলি ভূঞাক সম্পাদিকা হিচাপে লৈ জাতীয় মহিলা শক্তি আৰু নৱজ্যোতি শইকীয়াক সভাপতি, জিণ্টু দত্তক সম্পাদক হিচাপে লৈ জাতীয় যুৱ শক্তি পূব টীয়ক আঞ্চলিক সমিতি গঠন কৰা হয়।

সভাত   দলৰ ৰাজ্যিক উপ সভাপতি ৰাণা চাংমাই,  জিলাৰ মুখ্য আহ্বায়ক সৌৰভ বৰা, মাধুৰ্য্য চাংকাকতি, যুৱ শক্তি জিলা আহ্বায়ক ৰিন্টু খাউণ্ড, জিলাৰ আহ্বায়ক নৱজ্যোতি বৰবৰাসহ বহু কেইগৰাকী  বিষয়বৱীয়া উপস্থিত থাকে।