NORTHEAST NOW (Assamese)
অসম

মনোনয়ন দাখিল লুৰিণজ্যোতি গগৈৰঃ INDIA মিত্ৰজোঁটৰ বিশাল সমাৱেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2024 5:54 pm
Lurinjyoti Gogoi

ৰাজ্যত লোকসভা কেন্দ্ৰিক কুচকাৱাজ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে আজি তিনিজনকৈ হাইপ্ৰফাইল নেতাই দাখিল কৰিছে মনোনয়ন।

সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈৰ দৰে নেতাৰ পিছত আজি মনোনয়ন দাখিল কৰিছে আগন্তুক লোকসভা নিৰ্বাচনত সকলোৰে দৃষ্টি থকা আন এজন চৰ্চিত নেতা  অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

INDIA জোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহৰ বহু সংখ্যক সমৰ্থকৰ সহযোগত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে লুৰিণজ্যোতি গগৈয়ে আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে।

May be an image of 7 people, car, street, road, crowd and text

মনোনয়ন দাখিল কৰাৰ পূৰ্বে কংগ্ৰেছ, চি পি আই-এম, ৰাইজৰ দলকে ধৰি বিৰোধী দলৰ সমৰ্থকসকলে এক বিশাল সমাৱেশৰ আয়োজন কৰে।

লুৰিণজ্যোতি গগৈৰ পূৰ্বে তেওঁৰ প্ৰতিদ্বন্দী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আাজি মনোনয়ন পত্ৰ দাখিল কৰে।